Home ৰাজ্যনলবাৰী বৰভাগত ৭৯ গৰাকীক সম্বৰ্ধনা

নলবাৰী বৰভাগত ৭৯ গৰাকীক সম্বৰ্ধনা

by News Desk
A+A-
Reset

নলবাৰী : নলবাৰী জিলাৰ বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ ৭৯ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা অনুষ্ঠানত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠকে গুণগত শিক্ষাৰ ওপৰত আলোকপাত কৰি ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে ভাষণ দিয়ে৷ 

বৰভাগ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক সমৰজ্যোতি মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ইউনুচৰ ৰহমান, প্ৰাক্তন ছাত্ৰনেতা অমল ডেকা, বিনয় ডেকা, জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক নিৰোজউদ্দিন আহমেদে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ ওপৰত সাৱলীল ভাষণ দিয়ে৷ সভাত ৭৯ গৰাকী কৃতী শিক্ষাৰ্থীক মানপত্ৰ, গছপুলি আৰু কিতাপৰ টোপোলাৰে অভিনন্দন জনোৱাৰ লগতে বৰভাগ মহাবিদ্যালয়ৰ সদ্য অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ ডেকাক ছাত্ৰ সন্থাৰ তৰফৰপৰা সম্বৰ্ধনা জনোৱা হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0