53
নলবাৰীঃ পুৰীত প্ৰাকৃতিক দুৰ্যোগৰ মুখামুখি হোৱা প্ৰথমটো তীৰ্থযাত্ৰীৰ দল উপস্থিত নলবাৰীত। ৰে’লৰপৰা নামিয়েই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ভুক্তভোগী তীৰ্থযাত্ৰীসকলে।
নলবাৰী বিভিন্ন স্থানৰপৰা পুৰীলৈ যোৱা দলটোত আছিল ২৯ গৰাকী তীৰ্থযাত্ৰী। মঙলবাৰে ৰে’লেৰে নলবাৰী ৰে’লৱে ষ্টেচনত উপস্থিত হয় তীৰ্থযাত্ৰীৰ দলটো। দলটোৰ আটাইকেইগৰাকীয়ে মহিলা তীৰ্থযাত্ৰী। দুৰ্যোগৰ সময়ত চৰকাৰৰপৰা সঁহাৰি নোপোৱাৰ অভিযোগ তীৰ্থযাত্ৰীসকলৰ।