নলবাৰীঃ যোৱা ১ এপ্ৰিলত গোৱালপাৰা জিলাৰ গোৱালপাৰা ছায়েন্স কলেজৰ শিক্ষক হুমায়ুন কবিৰৰ বিৰুদ্ধে স্কুলৰ প্ৰস্ৰাৱগাৰত এগৰাকী ছাত্ৰীক ধৰ্ষণৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হোৱা তীব্ৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে এইবাৰ ৰাজ্য খনৰ আন এগৰাকী শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে সপ্তম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ।
ইতিমধ্যে অভিযুক্ত শিক্ষকক আটক কৰিছে আৰক্ষীয়ে। এইবাৰ ঘটনাৰ স্থান নলবাৰী জিলা। নলবাৰী চহৰৰ সমীপৰ বালিকৰীয়াৰ ঐতিহ্যমণ্ডিত বালিকৰীয়া বাসুদেৱ বিদ্যাপীঠৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী এগৰাকীক বিদ্যালয়খনৰ শিক্ষক পদ্মলোচন হালৈয়ে যৌন নিৰ্যাতন চলােৱাৰ অভিযোগ উত্থাপন হয়।