60
নলবাৰীঃ নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাহঁজানী জিলা পৰিষদ সমষ্টিত বি জে পি, কংগ্ৰেছ আৰু অ গ পৰ প্ৰাৰ্থী বাছনিৰ পাছতেই নিৰ্বাচনী তৎপৰতা বৃদ্ধি হোৱা দেখা গৈছে। ইফালে, সোমবাৰে আটাইকেইটা দলৰে মনোনয়ন-পত্ৰ দাখিলৰ কাৰ্যসূচীত উপস্থিত থাকিবলৈ তিনিওটা দলৰ কৰ্মী, সমৰ্থকক লৈ আবেদন কৰিবলৈ আহি ভিৰ কৰিছে নলবাৰী চহৰ।
প্ৰতিটো দলৰে সমৰ্থকসকলে মনোনয়ন-পত্ৰ দাখিল কৰি ঘৰলৈ উভতাৰ সময়ত হাজো-নলবাৰী পথত ব্যাপক ভিৰ হোৱা পৰিলক্ষিত হয় ৷