নলবাৰীঃ নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাহঁজানী জিলা পৰিষদ সমষ্টিত বি জে পি, কংগ্ৰেছ আৰু  অ গ পৰ  প্ৰাৰ্থী বাছনিৰ পাছতেই নিৰ্বাচনী তৎপৰতা বৃদ্ধি হোৱা দেখা গৈছে। ইফালে, সোমবাৰে আটাইকেইটা দলৰে মনোনয়ন-পত্ৰ দাখিলৰ কাৰ্যসূচীত উপস্থিত থাকিবলৈ  তিনিওটা দলৰ কৰ্মী, সমৰ্থকক লৈ আবেদন  কৰিবলৈ  আহি ভিৰ কৰিছে নলবাৰী চহৰ।

প্ৰতিটো দলৰে সমৰ্থকসকলে মনোনয়ন-পত্ৰ দাখিল কৰি ঘৰলৈ উভতাৰ সময়ত হাজো-নলবাৰী পথত ব্যাপক ভিৰ হোৱা পৰিলক্ষিত হয় ৷

বহুতো যান-বাহন বহু সময় ধৰি আবদ্ধ  হৈ পৰে ৷ চহৰৰ ৰাজপথত যান জ'টত আবদ্ধ ২-৩ ঘন্টাধৰি পথচাৰি ৰৈ থাকিবলগীয়া হয় ৷  ইয়াৰ পাছতো পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নলবাৰী সদৰ যান-বাহনৰ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল। ৷ এনেদৰে আবদ্ধ হৈ পৰা ৰাইজ  খঙত অগ্নিশৰ্মা হৈ পৰে ৷

বিভিন্ন জনে অভিযোগ  কৰে যে নলবাৰী যান-বাহন আৰক্ষীয়ে দৈনিক কেৱল ব্যস্ত থাকে বেটাৰীচালিত ৰিক্সা জব্দ কৰি থানালৈ নি জৰিমনা বিহাৰ নামত ধন ঘটা। ইয়াৰ বাহিৰে আৰক্ষীৰ কোনো কাম কৰাৰ সক্ষমতা নাই বুলি একাংশ লোকে চিঞৰি চিঞৰি কোৱা দেখা গ'ল।