ডিজিটেল ডেস্ক |নলবাৰীঃ বৰ্তমান অসমৰ লগতে নলবাৰী জিলাত লাখ লাখ শিক্ষিত নিবনুৱাৰে ভৰি পৰাত জিলাখনৰ সচেতন মহলক চিন্তিত কৰাৰ লগতে শিক্ষিত নিবনুৱা সকলক বাৰুকৈৱে হতাশ কৰি তুলিছে৷ বৰ্তমান জিলাখনত নিবনুৱা সকলৰ বাবে কৰ্ম সংস্থাপনৰ কোনো উদ্যোগ স্থাপন কৰা পৰিলক্ষিত হোৱা নায়৷ কিছু বছৰ আগতে জিলাখনৰ কৰিয়াৰ চিত্ৰনলা উদ্যোগ, ককয়াৰ বাঁহবেত উদ্যোগ, কটপুহাৰ কয়েৰ উদ্যোগ, বস্ত্ৰ, উদ্যোগ, আদি স্থানীয় ভাৱে স্থাপন কৰা হৈছিল যদিও গৰিষ্ঠ সংখ্যকে মৃত্যুমুখত পৰিছে৷ 

ইপিনে দিনক দিনে বাঢ়ি অহা শিক্ষিত নিবনুৱাৰ বাবে গ্ৰাম্য জিলাখনত নিবনুৱা সমস্যাই বিস্ফোৰক ৰূপ লৈছে৷ তথ্য অনুসৰি ২০১৪ চনত জিলা নিয়োগ কেন্দ্ৰত পঞ্জীয়নভূক্ত হাইস্কুল পৰীক্ষাত উৰ্ত্তীণ হোৱা নিবনুৱাপুৰুষৰ সংখ্যা ৪.২৬১ জন আৰু মহিলাৰ সংখ্যা ৭১১ গৰাকীসহ মুঠ ৪৯৭২ গৰাকী৷ উচ্চতৰ মাধ্যমিকত উৰ্ত্তীণ পুৰুষৰ ৬৩৪৫ জন আৰু মহিলাৰ সংখ্যা ২৯১৯ গৰাকী সহ মুঠ ৯২৬৪ গৰাকী৷ ইপিনে স্নাতক উৰ্ত্তীণ পুৰুষ ১৭১৫ জন আৰু মহিলা ১৬২৫ জন মুঠ ৮২৯১ গৰাকী৷

তেনেদৰে ২০১৫ চনত পঞ্জীয়ন হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত পুৰুষৰ সংখ্যা ৪৩২৮ জন, আৰু মহিলা ১১৪২ গৰাকী, মুঠ ৫৪৭০ গৰাকী পুৰুষ মহিলাৰ উপৰিও উচ্চতৰ মাধ্যমিক উৰ্ত্তীণ পুৰুষ ৪৮৯৭ গৰাকী আৰু মহিলা ২৬৫২১ গৰাকী সৰ্বমুঠ ৭৫৪৮ গৰাকী৷ স্নাতক উৰ্ত্তীণ পুৰুষ ১২৪৯ জন আৰু মহিলাৰ সংখ্যা ১০২২ গৰাকী, মুঠ ২২৭১ জন৷

২০১৬ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী ৰ পুৰুষৰ সংখ্যা ২১২৯, মহিলা ৬৩২ গৰাকী সহ মুঠ ২৭৬১ গৰাকী এনেদৰে উচ্চতৰ মাধ্যমিকত পুৰুষ ৩৫৬২ গৰাকী, আৰু মহিলা ২০৭৬ গৰাকী৷ মুঠ পুৰুষ মহিলা ৫৩৩৮ গৰাকী স্নাতক ত মুঠ ২৮৪৯ গৰাকী, অন্যান্য অৰ্হতাৰ উৰ্ত্তীণ পুৰুষৰ সংখ্যা ৪২১ আৰু মহিলাৰ ৬০৩ গৰাকী৷

ইপিনে ২০১৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ পুৰুষৰ সংখ্যা ১০০৪ গৰাকী আৰু মহিলা ২৩৬ গৰাকী সহ মুঠ ১২৪০ গৰাকী, উচ্চতৰ মাধ্যমিকত ২০১৪ গৰাকী পুৰুষৰ আৰু ৮২২ গৰাকী মহিলা মুঠ ১৩৩৮ গৰাকী, আনহাতে স্নাতকত পুৰুষ মহিলাৰ সংখ্যা ১৩৩৮ গৰাকী,অন্যান্য অৰ্হতাৰ পুৰুষৰ সংখ্যা ১২০ গৰাকী আৰু মহিলাৰ ৪৭ গৰাকী৷ 

লগতে নিয়োগ বিনিময় কেন্দ্ৰত সম্প্ৰতি বহু নিৱনুৱানা পঞ্জীয়ন নকৰাকৈ আছে৷ জিলাখনত বিশেষকৈ মৃত প্ৰায় উদ্যোগ সমুহ পুনৰ্জীৱিত কৰি নিৱনুৱাৰ সংস্থাপন বাট প্ৰশস্ত কৰিবলৈ ৰাইজে চৰকাৰৰ ওচৰত দাবী জনাইছে৷ বিশেষকৈ কৃষিভিত্তিক, তৈল শষ্যৰ উদ্যোগ, উদ্যান শস্য, খাদ্য পৰিশোধন আদি বিভিন্ন উদ্যোগ স্থাপন কৰিব পাৰিলে কৰ্মসংস্থাপনৰ বাবে হাহাকাৰকৰি ফুৰা নিবনুৱা সকলৰ সমস্যা কিছু হলেও আঁতৰ হ’লহেতেন৷ চৰকাৰে ক্ষিপ্ৰতাৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত ফেৰ মৰাৰ জোখেৰে প্ৰৱল সম্ভৱণা থকা থলুৱা উদ্যোগ সমুহ কাৰ্যক্ষম কৰাৰ ব্যবস্থা হাতত ল’বলৈ ৰাইজে দাবী জনাইছে৷