ডিজিটেল ডেস্ক |নলবাৰীঃ বৰ্তমান অসমৰ লগতে নলবাৰী জিলাত লাখ লাখ শিক্ষিত নিবনুৱাৰে ভৰি পৰাত জিলাখনৰ সচেতন মহলক চিন্তিত কৰাৰ লগতে শিক্ষিত নিবনুৱা সকলক বাৰুকৈৱে হতাশ কৰি তুলিছে৷ বৰ্তমান জিলাখনত নিবনুৱা সকলৰ বাবে কৰ্ম সংস্থাপনৰ কোনো উদ্যোগ স্থাপন কৰা পৰিলক্ষিত হোৱা নায়৷ কিছু বছৰ আগতে জিলাখনৰ কৰিয়াৰ চিত্ৰনলা উদ্যোগ, ককয়াৰ বাঁহবেত উদ্যোগ, কটপুহাৰ কয়েৰ উদ্যোগ, বস্ত্ৰ, উদ্যোগ, আদি স্থানীয় ভাৱে স্থাপন কৰা হৈছিল যদিও গৰিষ্ঠ সংখ্যকে মৃত্যুমুখত পৰিছে৷
ইপিনে দিনক দিনে বাঢ়ি অহা শিক্ষিত নিবনুৱাৰ বাবে গ্ৰাম্য জিলাখনত নিবনুৱা সমস্যাই বিস্ফোৰক ৰূপ লৈছে৷ তথ্য অনুসৰি ২০১৪ চনত জিলা নিয়োগ কেন্দ্ৰত পঞ্জীয়নভূক্ত হাইস্কুল পৰীক্ষাত উৰ্ত্তীণ হোৱা নিবনুৱাপুৰুষৰ সংখ্যা ৪.২৬১ জন আৰু মহিলাৰ সংখ্যা ৭১১ গৰাকীসহ মুঠ ৪৯৭২ গৰাকী৷ উচ্চতৰ মাধ্যমিকত উৰ্ত্তীণ পুৰুষৰ ৬৩৪৫ জন আৰু মহিলাৰ সংখ্যা ২৯১৯ গৰাকী সহ মুঠ ৯২৬৪ গৰাকী৷ ইপিনে স্নাতক উৰ্ত্তীণ পুৰুষ ১৭১৫ জন আৰু মহিলা ১৬২৫ জন মুঠ ৮২৯১ গৰাকী৷