নলবাৰীঃ অসমৰ থলুৱা ক্ষুদ্ৰ ব্যৱসায়ীক বঞ্চিত কৰি অসম চৰকাৰে বহিঃৰাজ্যৰ বৃহৎ প্ৰতিষ্ঠানক ইউনিৰ্ফম যোগানৰ দায়িত্ব দিয়াৰ যো-জা চলোৱাৰ সময়তে নলবাৰী জিলাত মঙলবাৰে সদৌ অসম স্কুল ইনিউৰ্ফম যোগানকাৰী সংস্থাৰ আহ্বানত নলবাৰী জিলা স্কুল ইউনিৰ্ফম যোগানকাৰী সংস্থা পূৰ্নাংগ সমিতি এখন গঠন কৰা হয়৷
সেইলৈ নলবাৰীত মংগলবাৰে জিলাখনৰ স্কুল ইনিউৰ্ফম যোগানকাৰীসকলৰ এখন সভা অনুষ্ঠিত হৈ যায়৷ সভাখনত উপস্থিত থকা ইউনিৰ্ফম যোগানকাৰী কল্প তালুকদাৰ আৰু হিতেশ ডেকাই নতুন সমিতিখন গঠন সন্দৰ্ভত বহলভাৱে প্ৰকাশ কৰে৷