নলবাৰীঃ ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ দেওবাৰে হৈ যায়l নলবাৰী জিলাকে ধৰি মুঠ ১০ খন জিলাত হৈছিল ভোট গ্ৰহণ৷
এনেদৰে এতিয়া ভোটাৰ ৰাইজে নিজ নিজ ভোটাধিকাৰ সাব্যস্ত কৰি প্ৰাৰ্থী সকলৰ ভাগ্য বন্দী কৰিছে বেলেট বাকচসমূহত। নলবাৰী সদৰ বিধান সভা সমষ্টিৰ ৭ নং পূব বাঁহজানী গাঁও পঞ্চায়তৰ তিলানা ৬৫৬ নং প্ৰাথমিক বিদ্যালয়ত পুৱাৰেপৰা ভোটাৰৰ দীঘলীয়া শাৰী দেখা গ’ল ৷ কেন্দ্ৰটোৰ মুঠ ভোটাৰ সংখ্যা আছিল ১১০৯ গৰাকী৷ উক্ত কেন্দ্ৰটোত ভোটদাতাৰ সংখ্যা যথেষ্ট হোৱাত আৰু মাত্ৰ এটা কেন্দ্ৰ হোৱাত বহুখিনি অসুবিধাৰ সৃষ্টি হৈছিল৷