![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/dd_1.jpg?itok=kc1KGtei)
নলবাৰীৰ পৰা হেমন্ত কলিতাঃ নলবাৰী জিলাৰ এখন অতি ভিতৰুৱা গাঁও চেংনৈৰ উদ্যমী মহিলা কৃষক শ্ৰীমতী পদ্মাৱতী বড়োৱে নলবাৰী জিলাৰ লগতে সমগ্ৰ অসমলৈ সন্মান কঢ়িয়াই আনিছে।
তেওঁ শুকুৰবাৰে দিল্লী দূৰদৰ্শন কেন্দ্ৰত অনুস্থিত সদৌ ভাৰত ভিত্তিত মহিলা কৃষক ৰিয়েলিটী শ্ব’ত দ্বিতীয় শ্ৰেষ্ঠ মহিলা কৃষকৰ সন্মান লাভ কৰে।
উল্লেখযোগ্য যে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ সহযোগত কৃষি বিজ্ঞান কেন্দ্ৰ, নলবাৰীৰ তত্বাবধানত কৃষক গৰাকীক সৰ্বভাৰতীয় ভিত্তিত অনুস্থিত উক্ত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে। প্ৰথম পৰ্যায়ত সমগ্ৰ ভাৰতৰ ভিতৰতে প্ৰত্যেক জিলাৰপৰা এজনকৈ কৃষক নিৰ্বাচিত কৰি তাৰপৰা ১১০ গৰাকী প্ৰতিযোগীৰ ভিতৰত স্থান লাভ কৰি পৰৱৰ্তী পৰ্যায়ত টপ ৫ লৈ উন্নীত হয় আৰু ফাইনেলত দ্বিতীয় স্থান দখল কৰে।
উল্লেখনীয় যে বড়োৱে ৰেচমৰ লগতে আনুষংগিক কৃষি কৰ্মত জড়িত হৈ আহিছে আৰু তেওঁ প্ৰতিটো খোজতে কৃষি বিজ্ঞান কেন্দ্ৰ, নলবাৰীয়ে বিজ্ঞানসন্মত দিহা পৰামৰ্শ দি সহযোগ কৰি আহিছে। তেওঁ লাভ কৰা সন্মানত আছে এটা পদক, এখন মানপত্ৰ আৰু নগদ ৩ লাখ টকা। তেওঁৰ সাফল্যই নলবাৰী জিলাৰ লগতে সমগ্ৰ অসমতে আনন্দৰ লহৰ তথা কৃষকৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে।