newsnextone.com।নলবাৰীঃ  নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ ৬১নং ধৰ্মপূৰ সমষ্টিৰ উন্নয়ন পৰিৱৰ্তন 
জন প্ৰতিনিধি, মন্ত্ৰী- এম.এল.এ.নেতা- দালাল, ঠিকাদাৰ মিলি পথ নিৰ্মাণ, মেৰামতিৰ নামত কৌটি কৌটি লুণ্ঠনৰ গুৰুতৰ অভিযোগ উঠিছে। পথ নিৰ্মাণ, মেৰামতিৰ ফলক লগাই লুণ্ঠন কৰিছে ৰাইজৰ ধন, সভা-সমিতি আদিত বক্তৃতাৰ ফুলজাৰি মাৰি, উন্নয়নৰ ফটাঢোল বজাই, সাধু কৈ লম্ফ- জম্ফ মাৰি ফুৰিছে বুলি ৰাইজৰ মাজত অভিযোগ উঠিছে।

কিন্তু বাস্তৱত ধৰ্মপূৰ সমষ্টিৰ এটি গুৰুত্বপূৰ্ণ প্ৰধান পথ চামতা- কৈঠালকুছি পথ। এই মুখ্য পথটিৰে অনবৰতে বহু সংখ্যক গাড়ী-মটৰ,যান-বাহন, ছাত্ৰ-ছাত্ৰী, ৰোগী অহা যোৱা কৰি আহিছে। কিন্তু এই পথটোত প্ৰকাণ্ড প্ৰকাণ্ড গাতঁৰ সৃষ্টিৰ লগতে বোকা-পানী আদিৰে ভৰি জৰাজীৰ্ণ অৱস্থাত আছে।

পথটিৰ চামতা-নদলা বজাৰৰ কাষতে থকা কালভাৰ্টটিৰ  দুয়ো কাষে খহনীয়া হোৱাৰ লগতে পথৰ মাজত বৃহৎ গাঁত সৃষ্টি হৈছে। ইয়াৰোপৰি সাহপুৰ জ্ঞানদাযিনী হাইস্কুলৰ কাষত পথটিৰ মাজত অধিকাংশই ভঙা। এনে জৰাজীৰ্ণ, বিপদ সঙ্কুল অৱস্থাৰে যাতায়ত কৰিবলগীয়া হৈছে সৰ্বসাধাৰণ লোকে।

অথচ এই পথটি নিৰ্মাণ আৰু মেৰামতিৰ নামত কৌটি কৌটি লুণ্ঠন হৈছে বুলি স্থানীয় লোকে অভিযোগ কৰিছে। সম্প্ৰতি, পথটি একেদৰেই আছে। এইয়া কিহৰ পৰিৱৰ্তন আৰু উন্নয়ন  বুলি ৰাইজৰ চৰকাৰলৈ প্ৰশ্ন।