নলবাৰী পূৱ বাহঁজানীৰ অংগনবাড়ী কেন্দ্ৰত ব্যাপক দুৰ্নীতি

Home ৰাজ্যনলবাৰী পূৱ বাহঁজানীৰ অংগনবাড়ী কেন্দ্ৰত ব্যাপক দুৰ্নীতি

নলবাৰী পূৱ বাহঁজানীৰ অংগনবাড়ী কেন্দ্ৰত ব্যাপক দুৰ্নীতি

by News Desk
59 views
A+A-
Reset

www.newsnextone.com।নলবাৰী: নলবাৰী জিলাৰ শিশু উন্নয়ন বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত জিলাখনৰ পূৱ বাহঁজানীৰ নন্দগাওঁ, ভদ্ৰা, তিনি নং অৰৰা, এলেংগীদল, তিলানা, মুগকুছি, অময়াপুৰৰ কেন্দ্ৰকে ধৰি অঞ্চলটোৰ কেইবাটাও অংগনবাড়ী কেন্দ্ৰত চৰম অনিয়মে গা কৰি উঠাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
এই অঞ্চলৰ কেইবাটাও কেন্দ্ৰত খাদ্য বিতৰনৰ লগতে চৰকাৰৰ পৰা অহা প্ৰায়বোৰ সামগ্ৰী কেন্দ্ৰসমুহত মজুত নাৰাখি নিজ গৃহত মজুত ৰাখে বুলি স্থানীয় অঞ্চলবাসীয়ে অভিযোগ উত্থাপন কৰিছে । অভিযোগ অনুসৰি অঞ্চলটোৰ প্ৰায়কেইটা অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকাই সময়মতে কোনো কামেই কৰাটো দৃষ্টিগোচৰ নহয় । আনকি তেওঁলোকে দৈনিক প্ৰায়ে ৰাতিপুৱা ৯-৩০ বজা পৰ্যন্ত কেন্দ্ৰত উপস্থিত নহয় আৰু ১০ মান বজাতে কেন্দ্ৰ ছুটী দিয়াও পৰিলক্ষিত হয় বুলি জানিব পৰা গৈছে। কোনো কোনো কেন্দ্ৰত কৰ্মী-সহায়িকা সকলক গাঁৱৰ মানুহে তেওঁলোকে পলমকৈ অহা তথা নিজ খেয়াল খুচী মতে কাম কৰাক লৈ কিম্বা খাদ্য বস্তুক লৈ প্ৰশ্ন কৰিলে এই বিভাগ এনেকুৱাই, ইয়াত আমি নিজ ইচ্ছামতে কাম কৰিব পাৰো, বস্তু সামগ্ৰী খাব পাৰো আদি কথাৰে কৰ্মী সহায়িকা সকলে বহু ধৰণৰ অদ্ভুত মন্তব্য কৰে বুলি গাঁৱৰ ৰাইজৰ পৰা জানিব পৰা গৈছে।
এনেদৰে অঞ্চলটোৰ প্ৰায়কেইখন অংগনবাডী কেন্দ্ৰৰে কৰ্মী আৰু সহায়িকাই নিজৰ মইমতালিৰে কেন্দ্রসমূহত কাৰ্য্য সম্পাদন কৰা এতিয়া স্বভাৱত পৰিণত হবলৈ ধৰিছে। সমাজ কল্যাণ বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো ধৰণৰ নিয়ন্ত্ৰণ নথকাৰ বাবেই নিজ খেয়াল-খুচী মতে কৰ্মী ও সহায়িকাই কাম সম্পাদন কৰি আহিছে বুলি ৰাইজে বিভাগটোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। আজি পৰ্যন্ত প্ৰতিজন শিশু বা কিশোৰিৰ বিপৰীতে চৰকাৰে কিমান পৰিমানৰ চাউল দাইল আদি খাদ্য যোগান ধৰে সেইয়া কৰ্মী সকলে ৰাইজক অৱগত কৰাৰ পৰা বিৰত থাকে বুলিও ৰাইজে আক্ষেপ প্ৰকাশ কৰিছে।
ইয়াৰ উপৰিও শিশু সকলৰ মাজত খাদ্য পাতিৰ যোগানৰ ক্ষেত্ৰত নানা অনিয়ম সংঘটিত কৰাৰ কথাও একাংশ ৰাইজে সদৰি কৰিছে। মূলত অভিযোগ অনুসৰি এলেকাধীন ছুপাৰভাইজাৰ আৰু পৰিচালনা সমিতিৰ সভাপতি গৰাকীক মেনেজ কৰি এইদৰে কেন্দ্ৰ সমূহত কৰ্মী -সহায়িকাই লুটপাত চলাই গৈছে ।
এই অঞ্চলৰ অংগনবাডী কেন্দ্রৰ প্ৰকৃত স্বৰূপ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক অবগত কৰাত কৰ্মী, সহায়িকা সকলে ভয় পাই অঞ্চলটোৰ প্ৰায়কেইটা কেন্দ্ৰই কিছুদিনৰ বাবে সজাগ হৈ উঠিছিল যদিও বৰ্তমান পুনৰ অৰাজকতা আৰু অনিয়মে বিৰাজ কৰিছে অঞ্চলটোৰ অংগনবাড়ি কেন্দ্ৰ সমূহত। বিভাগীয় কৰ্তৃপক্ষই কেন্দ্ৰসমূহৰ অনিয়মৰ বিৰুদ্ধে সক্ৰিয় হৈ কেন্দ্ৰ সমূহত অৰাজকতা আৰু অনিয়ম বিৰাজ কৰাৰ সুযোগ নিদিবলৈ দাবী উত্থাপন কৰিছে ।
তাৰোপৰি অঞ্চলবাসী ৰাইজে নলবাৰী জিলা প্ৰশাসন আৰু স্থানীয় বিধায়ক অশোক শৰ্মাকো উপৰোক্ত বিষয়ত হস্তক্ষেপ কৰি অতিশীঘ্ৰে তদন্তৰ জৰিয়তে অংগনবাড়ি কেন্দ্ৰ সমূহত চলি থকা অৰাজকতা ও অনিয়ম দূৰ্নীতি ৰোধ কৰিবলৈ আহ্বান জনাইছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0