নলবাৰীঃ গ্ৰাম্য অৰ্থনীতি তথা সামাজিক জীৱনযাত্ৰাৰ অন্যতম আহিলাসমূহৰ ভিতৰত মাটিৰ বাচন অন্যতম। মাটিৰ বাচন তৈয়াৰ কৰি অসমৰ চুকে-কোণে থকা মৃৎ শিল্পক জীয়াই ৰখাৰ সংগ্ৰামত ব্যস্ত হীৰা শিল্পীসকলে বিভিন্ন অসুবিধাৰ বাবে লাহে লাহে এতিয়া মাটিৰ বাচন তৈয়াৰ কৰিবলৈ বাদ দিছে৷ তাৰ মাজতে নলবাৰী জিলাৰ বাঁহজানীৰ চৰিয়া আৰু কুলবিল গাঁৱত দিন-ৰাতি একাকাৰ কৰি সমাগত দেৱালীৰ বাবে ২০ লক্ষ মাটিৰ চাকি সাজু কৰিছে মৃৎ শিল্পীসকলে৷ চৰিয়া গাঁৱৰ উপেন দাস, নাৰায়ন দাস, বিহুৰাম দাস, প্ৰফুল্ল দাস, দীনেশ দাস, বিনন্দ দাস, মহেশ দাস, কনক দাস, কৰ্ণ দাস, হৰিণ দাস, ধনেশ্বৰ দাস, দমহু দাস আদি লোকসকলে এই শিল্পটোৰ লগত জড়িত হৈ স্বাৱলম্বনৰ নিদৰ্শন দাঙি ধৰিছে। চৰিয়া গাঁৱৰ মৃৎ শিল্পী উপেন দাস, নাৰায়ন দাস, বিহুৰাম দাস, প্ৰফুল্ল দাস, দীনেশ দাস, বিনন্দ দাসে জানিব দিয়ে যে বিশ্বকৰ্মা পূজাৰপৰাই লাখ লাখ চাকি, ধূপবাটি, টেকেলি, কুমাৰী চৰু ইত্যাদি পূজাত প্ৰয়োজন হোৱা মাটিৰ বাচন নিৰ্মাণত ব্যস্ত হৈ পৰে। ইতিমধ্যে বিভিন্ন উৎসৱ-পাৰ্বনত ব্যৱহৃত বাচন-বৰ্তন নিৰ্মাণ সম্পূৰ্ণও কৰিছে মৃৎ শিল্পীসকলে।
মৃৎ শিল্পক জীৱন নিৰ্বাহৰ আহিলা হিচাপে গ্ৰহণ কৰি এওঁলোকে আজ্ঞাঠুৰী অঞ্চলৰপৰা মাটি ক্ৰয় কৰি আনি বছৰটোৰ বাবে ঘৰৰ নিকটতে গাঁতত পুতি থৈ সেই মাটিৰে বাচন তৈয়াৰ কৰি মাহেকত কেইবাহাজাৰ টকা উপাৰ্জন কৰে বুলি কয়। ইয়াৰ উপৰি বছৰৰ সকলো সময়তে বিভিন্ন মৃৎ সামগ্ৰী তৈয়াৰ কৰে আৰু সেইবোৰ ভাৰ বান্ধি গাঁৱে-ভূঁঞে, বজাৰে বজাৰে বিক্ৰী কৰিবলৈ যায় বুলি জনায়। উল্লেখ্যযোগ্য যে, বছৰৰ মাত্ৰ দুটা সময়ত অৰ্থাৎ দেৱালীৰ সময়ত মাটিৰ চাকি আৰু মাঘ বিহুৰ সময়ত চৰু, টেকেলি, কাটা, কলহ ইত্যাদি ধৰি বিভিন্ন সামগ্ৰীৰ বজাৰ ভাল হয়। দেৱালীৰ সময়ত প্ৰতি পৰিয়ালে ২০-৩০ হেজাৰ মাটিৰ চাকি প্ৰস্তুত কৰাৰ উপৰি মাঘৰ বিহুৰ প্ৰতি লক্ষ্য ৰাখি যথেষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে। বৰ্তমান প্লাষ্টিক, ষ্টীল, ছিলভাৰকে ধৰি বিভিন্ন ধাতুৰদ্বাৰা উৎপাদিত সামগ্ৰীৰ পয়োভৰে বজাৰ দখল কৰাত মৃৎ শিল্পী সকলৰ প্ৰতি চৰম ভাবুকি আহি পৰিছে যদিও শিল্পীসকলে থমকি ৰোৱা নাই। নৱপ্ৰস্তৰ যুগৰপৰা কীৰ্তি বহন কৰা উক্ত মৃৎ শিল্পটোক জীয়াই ৰখাৰ কঠোৰ সংগ্ৰাম কৰি থকা শিল্পীসকলে আজিলৈকে লাভ নকৰিলে চৰকাৰী সুবিধা। উক্ত শিল্পটোৰ লগত জড়িত থাকি এওঁলোকে নিজৰ পৰিয়ালটো চলাই সুকলমে জীৱন-নিৰ্বাহ কৰাৰ উপৰি সন্তানক পঢ়ুৱাই স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে৷ বিশেষকৈ জিলাখনৰ চৰিয়া আৰু কুলবিল গাঁৱৰ দুখীয়া মৃৎ শিল্পীয়েই ইতিমধ্যেই ২০ লক্ষৰ অধিক মাটিৰ চাকি তৈয়াৰ কৰি আহিছে। তদুপৰি মন্দিৰত জ্বলোৱা চাকি নিৰ্মাণ কৰা, ধূপদানি, বিহুৰ সময়ত দৈ গাখীৰৰ কলহ, মলা, চৰু, বিয়াৰ জোৰোণত দিয়া দৈ টেকেলি, ঘট টেকেলি, দোৱলি আদি কামত উল্লেখযোগ্য ভূমিকা গ্রহণ কৰি আহিছে গাঁওখনৰ হীৰা সকলে।