নলবাৰীঃ হয়, নামত ঠিকেই আছে, পিছে কামত হ’লে একো নাই। পূব নলবাৰী উন্নয়ন খণ্ডৰ অধীনৰ ৭ নং পূব বাহঁজানী গাঁও পঞ্চায়তৰ অধীনৰ বালা-মুগকুছি চ’কত ষ্ট্ৰীট লাইট আছে কিন্তু নজ্বলে।
স্থাপন কৰাৰ পাছত দুদিনমান জ্বলিল যদিও বিগত প্ৰায় এবছৰ ধৰি জ্বলা নাই এই লাইটকেইটা। ফলত গোটেই নিশা সমগ্র চ’কটো তথা অঞ্চলবাসী ঘোৰ অন্ধকাৰত ডুব গৈ থাকিবলগীয়া হৈছে৷ লগতে অন্ধকাৰৰ বাবেই সঘনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা। মূলত: ষ্ট্ৰীট লাইটসমূহ নজ্বলাৰ বাবেই বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ।