বৰনদ্দীঃ নলবাৰী জিলাৰ বেংক বিষয়ক জিলা পৰ্য্যালোচনা সমিতিৰ ত্ৰিমাসিক সভাখন শুকুৰবাৰে উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভা কক্ষত দিনৰ ১১ বজাত অনুষ্ঠিত হৈ যায়। জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কালিৰ এই জিলা পৰ্য্যায়ৰ সভাখনত বেংক সমূহত ঋণ জমা অগ্ৰাধিকাৰ(C.D. Ratio) ক্ষেত্ৰত আগবঢ়োৱা ঋণ যেনে- কৃষি ঋণ, কে চি চি, আত্মসহায়ক গোটলৈ আগবঢ়োৱা ঋণ তথা পি এম ই জি পি, সঞ্চয় আদি আঁচনিৰ ওপৰত আলোচনা কৰা হয়।
ভাৰপ্ৰাপ্ত নলবাৰী জিলাৰ অগ্ৰণী বেংক বিষয়া প্ৰতীক পদ্দৰে সভাত জানিবলৈ দিয়ে যে যোৱা ডিচেম্বৰ মাহলৈকে জিলাখনৰ বেংক সমূহত মুঠ ঋণ জমাৰ হাৰ আছিল ৫৫% আৰু চলিত ২০১৮-২০১৯ বৰ্ষত বাৰ্ষিক ঋণ যোজনাৰ অধীনত আগবঢ়োৱা মুঠ ঋণৰ পৰিমাণ হৈছে ১৫৪.২১ লক্ষৰ বিপৰীতে ২৭%।