newsnextone.com | খাৰুপেটীয়াঃ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৈয়দা আনোৱাৰা টাইমূৰৰ নাম এনআৰচিৰ সম্পূৰ্ণ খচৰাৰ পৰা বাদ পৰা বুলি জানিব পৰা গৈছে। নথি পত্ৰ দি এনআৰচিৰ বাবে আবেদন কৰিছিল যদিও প্ৰাক্তন মুখ্যমন্ত্ৰী চৈয়দা আনোৱাৰা টাইমূৰৰ নাম প্ৰকাশ পোৱা নায়।
জানিব পৰা মতে, প্ৰাক্তন মুখ্যমন্ত্ৰী চৈয়দা আনোৱাৰা টাইমূৰৰ পুত্ৰ মহিউদ্দিন ৰাজিন আনোৱাৰৰ নামটোহে ৩০ জুলাইত প্ৰকাশ পোৱা এনআৰচিৰ সম্পূৰ্ণ খচৰাত অন্তৰ্ভুক্ত হৈছে। প্ৰাক্তন মুখ্যমন্ত্ৰী চৈয়দা আনোৱাৰা টাইমূৰৰ এনআৰচিৰ 601832502149052900003 নম্বৰৰ এআৰএনত পুত্ৰ ৰাজিন নামটো অন্তৰ্ভুক্ত হয়।