তেজপুৰঃ শোণিতপুৰৰ বালিপৰাত প্ৰতিবছৰৰ দৰে এইবাৰো আছু আৰু অসম সেনাৰ উদ্যোগত সোমবাৰে আয়োজন কৰা হয় নামেৰী মাৰাথন।
বালিপৰা আঞ্চলিক ছাত্ৰ সন্থা, অসম সেনাৰ উদ্যোগ, বালিপৰা প্ৰেছ ক্লাৱ, এবছু, আক্ৰাছু, টি এম পি কে, আগছু, আটছা, আছা, ৰঙাপৰা আঞ্চলিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে অঞ্চলবাসী ৰাইজৰ সহযোগত বালিপৰা চেন্টাৰৰপৰা নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ জীয়াভৰলী নদীৰ সমীপলৈ নামেৰী ৰাষ্ট্ৰীয় উদ্যান, বালিপৰা সংৰক্ষিত বনাঞ্চলৰ সংৰক্ষণ আৰু জীয়াভৰলী নৈৰ সংৰক্ষণৰ আহ্বানেৰে নামেৰী মাৰাথন আয়োজন কৰা হয়।