59
নামৰূপঃ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে নামৰূপ মহাবিদ্যালয়ৰ নাৰী অধ্যয়ন আৰু বিকাশ কোষে শুকুৰবাৰে এখন সভাৰ আয়োজন কৰে। দিৱসটোৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰদ্বাৰা এখন প্ৰদৰ্শনী তথা বিক্ৰী মেলাৰো আয়োজন কৰা হয়।
মহাবিদ্যালয়খনৰ নাৰী অধ্যয়ন আৰু বিকাশ কোষৰ সমন্বয়ক ডঃ ৰঞ্জনা বৰা বৰদলৈয়ে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে কোষৰ সহ-সমন্বয়ক মোচুমী কোঁৱৰে।