নামতিঃ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা নীতিত গুৰুত্ব দিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সভাই সমিতিয়ে দুৰ্নীতিৰ বিৰুদ্ধে ভাষণ প্ৰদান কৰি আহিছে যদিও ৰাজ্য খনৰ বিভিন্ন উন্নয়ন খণ্ডৰ কাৰ্যালয়ত আজিও ব্যাপক দুৰ্নীতি সংঘটিত হৈ আহিছে৷ শিৱসাগৰ জিলাৰ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ নামতিৰ বৰুৱাপুখুৰী পঞ্চায়তত মুখ্যমন্ত্ৰীৰ শূণ্য সহনশীলতা নীতিৰ সম্পূৰ্ণ বিপৰীত বুলি অভিযোগ উত্থাপিত হৈছে৷
চৰকাৰ কঠোৰ হোৱা বুলি প্ৰচাৰ হৈ অবহাৰ পিছতো লাখ লাখ টকাৰ কেলেংকাৰী সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপিত হৈছে৷ শেহতীয়াকৈ বৰুৱাপুখুৰী পঞ্চায়তত এমজি এনৰেগা আঁচনিৰ নামত ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱাৰ থকা তথ্য পোহৰলৈ অহাৰ পাছতেই অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।