নামতিঃ ৰেল ষ্টেছনত হাহাকাৰ কৰিছে এগৰাকী কিশোৰীয়ে৷ অসহায়, ভোকাতুৰ কিশোৰীগৰাকীয়ে কোনো আপোন মানুহক বিচাৰি হাহাকাৰ কৰাৰ সময়তে এগৰাকী লোক আগুৱাই আহি সুধিলে তোমাৰ কি হৈছে৷ কিশোৰগাৰকীয়ে বৰ্ণনা দি সমস্ত কথা কোৱাত লোকগৰাকীয়ে এৰি আহিব নোৱাৰিলে কিশোৰীগাৰকীক৷ কিশোৰীগৰাকীৰ নিজ ঘৰলৈ নি খাবলৈ-শুবলৈ দি সুৰক্ষিত কৰিলে নিশাটো৷
এই ঘটনা সংঘটিত হৈছিল সোমবাৰে নিশা শিৱসাগৰ জিলাৰ নামতিত৷ শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত নামতিত উদ্ধাৰ হয় অসহায় আনৰ ঘৰত বনকৰা ছোৱালী হিচাপে থাকি নিৰ্যাতনৰ বলি হৈ পলাই অহা কিশোৰগাৰকীয়ে৷ অসহায় কিশোৰীক ঘৰলৈ নিয়ে নামতি চাৰিআলি গণক আদৰ্শ গাঁৱৰ মুবিদ আলী নামৰ লোকজনে৷ সোমবাৰে লাকুৱা ৰেল ষ্টেছনত কান্দি থকা অৱস্থাত অসহায় কিশোৰীগৰাকীক উদ্ধাৰ কৰি নিজ ঘৰলৈ লৈ আহিছিল মুবিদে৷