শিৱসাগৰঃ হিন্দু বাংলাদেশীৰ বিষয়টোত ৰাজ্যৰ কিছু সংখ্যক বাঙালী সংগঠন, ৰাজ্য চৰকাৰ আৰু শেহতীয়াভাৱে অসম সাহিত্য সভাই লোৱা দুমুখীয়া স্থিতিক তীব্ৰ সমলোচনা কৰিছে ঐক্য সেনা, অসমে।
ইয়াৰ লগতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন ডাষ্টবিনত দলিয়াবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী কৰে সংগঠনটোৱে।
দেওবাৰে ঐক্য সেনা অসমৰ শিৱসাগৰ জিলাৰ নামতি অঞ্চলিক সমিতি গঠনৰ লগতে নাৰী নিৰ্যাতন আৰু নাৰী সৱলীকৰণৰ উদ্দেশ্যৰে নামতি চাৰিআলি হাইস্কুলত আয়োজন কৰা ৰাজহুৱা সভাখনত উপস্থিত থাকি সেনা অসমৰ মুখ্য সম্পাদক শ্বহিদুল ইছলামে ভিন্ন জাতি জনগোষ্ঠীৰ মাজত থকা সম্প্ৰদায়িক বান্ধোনত বিষবাস্প বিয়পাই দিয়া বিধায়ক শিলাদিত্যৰ দৰে জাতিদ্রোহী মানসিকভাৱে অস্বাভাৱিক লোকক অতি শীঘ্ৰে লেকাম লগাই তেজপুৰৰ পগলা ফাটেকত ৰাখিবলৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনায়৷