newsnextone.com | আমগুৰিঃ জাতি, মাটি, ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দি দিছপুৰৰ গাদী দখল কৰা বিজেপি চৰকাৰে সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে৷ সমগ্ৰ ৰাজ্যজুৰি পঞ্চায়ত সমূহত আৰম্ভ কৰিছে ব্যাপক প্ৰস্তুতি৷ চৰকাৰে উন্নয়নৰ শ্ল’গান লৈ পুনৰ ৰাইজৰ ওচৰ চাপিছে৷ 

কিন্তু ৰাজ্যত আজিও এজাক বৰষুণতে লাখ লাখ গ্ৰাম্য এলেকাৰ মানুহে ঘৰৰ পৰা ওলাব নোৱাৰে৷ পথাৰৰ ৰূপ লয় গ্ৰাম্য পথ সমূহে৷ উজনিৰ শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা সমষ্টিতো আছে এনে বহু বাট-পথ৷ আমগুৰি বিধানসভা সমষ্টিৰ উন্নয়ন কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে একাংশ গ্ৰাম্য পথ বছৰ বছৰ ধৰি মেৰামতি হোৱা কৰা পৰিলক্ষিত হোৱা নাই৷ তেনেই এটা পথ হৈছে সমষ্টিৰ নামতিৰ দোলীয়া-লোণপুৰীয়া সংযোগী পথ।

পথটোত বছৰ বছৰ ধৰি এচপৰা মাটি নপৰাৰ ফলত বোকা-পানীৰে ভৰি পৰিছে৷ ঘৰৰ পৰা লৰা-ছোৱালীয়ে ওলাব নোৱাৰে পৰিবেশ৷ ঠায়ে ঠায়ে একাঁঠু পৰ্যন্ত বোকা৷ বাইক, চাইকেল চলোৱা দুৰৰ তথা কাপোৰ কোচাই চেণ্ডেল হাতত লৈ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, চাকৰিয়ালে খোজকাঢ়িব লগা হয়৷ কোনো ৰোগীক ভাৰবান্ধি চিকিৎসালয়লৈ নিব লগা হয়৷ কিয়নো পথৰ বোকা-পানীৰ বাবে নামতিৰ দোলীয়া-লোণপুৰীয়া পথত এম্বুলেন্স সোমাব নোৱাৰে৷

যাৰ ফলত ৰাইজ সোচ্চাৰ হৈ পৰি নিৰ্বাচন বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে৷ আমগুৰি বিধান সভা সমষ্টিৰ নামতিদ'ল আৰু বৰুৱাআলি গাঁও পঞ্চায়তৰ অন্তৰ্গত দোলীয়া লোণপুৰীয়া সংযোগী পথত বছৰ বছৰ ধৰি মেৰামতিৰ নামত মাটি এচপৰাও নপৰাৰ বাবেই সম্প্ৰতি পথটোৰ অৱস্থা বৰ্ণনা কৰিব নোৱাৰি।

১৯৮৭ চনতেই চৰকাৰে নিৰ্মাণ কৰিছিল দোলীয়া লোণপুৰীয়া সংযোগী প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ দুখনকৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত ১০-১২ খন গাঁৱৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ সম্বল পথটো। পৰৱৰ্তী প্ৰায় ৩০টা বছৰে এই পথত মাটি এচপৰা পৰা নাই৷ মেৰামতিৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত পথটো সম্প্ৰতি পথাৰ সদৃশ ৰূপ লৈছে।

যাৰ পৰিপ্ৰেক্ষিতত এতিয়া এক বৃহত্তৰ অঞ্চলৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগিব লগা হৈছে। শিক্ষা-দীক্ষাৰ পৰা আৰম্ভ কৰি স্বাস্থ্য সেৱা, বেপাৰ-বাণিজ্য, এই সকলো দিশতে আঞ্চলবাসীক জ্বলা-কলা খুৱাইছে পথে। পথৰ দুৰাৱস্থাৰ বাবেই গাঁওখনলৈ নাযায় জৰুৰীকালীন এম্বুলেঞ্চ সেৱা। 

মুমূৰ্ষ অৱস্থাত ৰোগীক সাঙী, ভাৰবান্ধি চিকিৎসালয়লৈ নিয়ে গাঁওবাসীয়ে৷ চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই এতিয়া অগন্তুক সময়ত পঞ্চায়ত নিৰ্বাচনৰ লগতে লোকসভা নিৰ্বাচনো বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজে। ৰাইজে বিধায়ক প্ৰদাপ হাজৰিকাই ৰাইজৰ দাবীক গুৰুত্ব নিদিয়া বুলি কয়৷ কেৱল নিৰ্বাচনৰ সময়ত ভোট বিচাৰি অহা প্ৰদীপ হাজৰিকাই জয়ী হোৱাৰ পিছত ঘুৰি চাবলৈ নাহে বুলি কয়৷

কোৱা বাহুল্য চৰকাৰ গঠন কৰাৰ তিনিটা বছৰ পাৰ হ’বৰ হ’ল যদিও সংবাদ মাধ্যমত বৰ বৰ কথা কোৱাৰ বাহিৰে গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ সাধন কৰিব নোৱাৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে চৰকাৰখনৰ বিৰুদ্ধে৷ 

চৰকাৰখনে সমগ্ৰ ৰাজ্যখনক উন্নয়ন সাধন কৰিবৰ বাবে উঠি পৰি লাগিছে বুলি এখন প্ৰতিচ্ছবি দেখুওৱাৰ চেষ্টা কৰি আহিছে যদিও প্ৰকৃত ছবিখন ওলোটাহে৷ আজিও গ্ৰাম্য অঞ্চলৰ বাট-পথৰ অৱস্থা জৰাজীৰ্ণ৷ গ্ৰাম্য অঞ্চল বাট-পথ সমূহ শৰালি-বাৰিষা খোজকাঢ়িব নোৱোৰা পৰিবেশ আজিও৷ 

বহু পথত আজিও দলং নোহোৱাৰ ফলত ৰাইজে সমস্যাত পৰি আহিছে৷ ৰাজ্য চৰকাৰে গ্ৰাম্য সমাজ ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে কোটি কোটি টকা খৰচ কৰি আহিছে ঠিক তেনে সময়তে এচাম জনপ্ৰতিনিধিৰ বাবে যমৰ যাতনা ভূগিবলগীয়া হৈছে শ-শ লোকে। 

বৰ বৰ কথাৰে চমক সৃষ্টি কৰা মন্ত্ৰী-বিধায়কৰ সমষ্টিত এতিয়া চৰম অৰাজকতাই দেখা দিছে বুলি অভিযোগ উত্থাপন হৈছে৷ ৰাজ্য তথা সমষ্টিৰ উন্নয়নৰ পৰিবৰ্তে কেৱল ৰাজনীতি কৰি ক্ষমতা দখল কৰি ৰখাৰ কুচকাৱাজ চলাই গৈছে মন্ত্ৰী-বিধায়কসকলে৷

নিৰ্বাচনৰ পূৰ্বে এটা আৰু নিৰ্বাচনৰ পিছত পাভলুটি মাৰি অসমৰ ৰাইজৰ জনমতক উপেক্ষা কৰি কাম কৰি যোৱা চৰকাৰ খনে ৰাইজৰ প্ৰধান সমস্যাসমূহ সমাধান কৰাত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ 

চৰকাৰ গঠন কৰিয়েই নানান চমক সৃষ্টি কৰিলে যদিও সময়ত সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল৷ গ্ৰাম্য অঞ্চলৰ বাট-পথ, বিশুদ্ধ খোৱাপানী, স্বাস্থ্য, শিক্ষা আদিৰ ক্ষেত্ৰত ৰাইজে আজিও হাহাকাৰ কৰিব লগা হয়৷

বিশেষকৈ গ্ৰাম্য অঞ্চলৰ লোকে সাধাৰণ ৰোগৰ চিকিৎসাৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ আজিও ৰাজ্যৰ বহু চিকিৎসালয়ত চিকিৎসক, নাৰ্ছ নাই৷ চিকিৎসালয় আছে যদিও চিকিৎসক নাই ৰাজ্যৰ বহু চিকিৎসালয়ত৷ গাঁৱৰ ৰোগীয়ে আজিও ঠেলা-চাইকেলত চিকিৎসালয়লৈ আহিব লগা হৈছে৷