newsnextone.com | নামতঃ ভাৰত চৰকাৰে অবৈধ হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিব বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বিচৰাৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ নামতি আঞ্চলিক উন্নয়ন সমিতিয়ে দেওবাৰে নামতি ক্লাৱত এখন বিশাল গণ সমাৱেশ অনুষ্ঠিত কৰে।
বৃহত্তৰ নামতি অঞ্চলৰ ৪৬ খন গাঁৱৰ মহিলাই অংশগ্ৰহণ কৰা সমাবেশত সভাপতিত্ব কৰে অৱসৰ প্ৰাপ্ত শিক্ষক, নামতি জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি চামচুল হুচেইনে। ৰেখামণি গগৈয়ে উদ্দেশ্যে ব্যাখ্যা কৰা সমাবেশত জাতি, ভাষা, ধৰ্ম নিৰ্বিশেষে ভাৰত চৰকাৰে জাতিধ্বংসী, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ওলাই আহে।