মহাবিদ্যালয়ৰ কৰ্মচাৰী ৰিণ্টু শৰ্মাৰ দাৰ ঘাপত আহত হৈছিল

ডিজিটেল ডেস্ক,২৫ জুলাইঃ অৱশেষত নিয়তিৰ ওচৰত ওচৰত হাৰ মানিলে মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াই৷মহাবিদ্যালয়খনৰ কৰ্মচাৰী ৰিণ্টু শৰ্মাৰ দাৰ ঘাপত আহত হৈ মুমুৰ্ষ অৱস্থাত চিকিৎসাধীন হৈ থকা ধেমাজিৰ নন্দিতা শইকীয়াৰ আজি শেষ নিশ্বাস ত্যাগ৷ আজি দিনৰ ১ বাজি ১০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে ছাত্ৰীগৰাকীয়ে৷উল্লেখ্য যে যোৱা শণিবাৰে ৰিণ্টু শৰ্মাৰ দাৰ ঘাপত ৰাজপথত ঢলি পৰিছিল নন্দিতা৷
যোৱা শনিবাৰে দুই কলেজীয়া ছাত্ৰী নন্দিতা আৰু কৰিস্মাক বৰ্বৰ ভাৱে আক্ৰমণ কৰিছিল ৰণ্টু শৰ্মাই৷ দুৰ্বৃত্ত ৰিণ্টু শৰ্মাৰ দাৰ ঘাপত ঢলি পৰিছিল দুই ছাত্ৰী৷ততাতৈয়াকৈ দুয়োগৰাকী ছাত্ৰীক ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল৷তাত মৃত্যুৰ সতে যুজি যুজি অৱশেষত হাৰ মানিলে নন্দিতাই৷ ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ হাস্পতাল কৰ্তৃপক্ষই নন্দিতাৰ মৃত্যুৰ কথা সদৰী কৰে৷

নন্দিতাৰ দৰে এগৰকী ছাত্ৰী আতৰি গলেওঁ বহু প্ৰশ্নই এৰি থৈ গ’ল৷প্ৰেমৰ পৰিণতিতেই আক্ৰমণ কৰা হ’ল নে আন কিবা?যদি এনে হয় নাৰীৰ নিৰাপত্তা ক’ত?আকৌ কন্যা সন্তানক লৈ শ্লোগান দি ফুৰা চৰকাৰখনে কিয় উন্নত চিকিৎসাৰ ব্যৱস্থা কৰি ছাত্ৰীগৰাকীক বচোৱাৰ চেষ্টা কৰিব নোৱাৰিলে৷এখন ঘৰৰ এগৰাকী গাভৰু কন্যাৰ অকাল বিয়োগৰ বেদনা আানে উপলব্ধি কৰিব নোৱাৰিব৷পৰৱৰ্তী সময়ত অপৰাধীয়ে কি শাস্তি পায় সেয়া হব লক্ষণীয়৷