নাওবৈচাঃ দেশৰ কেইবাখনো কৃষি নিৰ্ভৰশীল ৰাজ্যই কৃষিক্ষেত্ৰৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰি উদ্যোগ প্ৰধান ৰাজ্যসমূহৰ সৈতে সমানে ফেৰমাৰি আগবাঢ়ি যোৱাৰ বিপৰীতে কৃষি প্ৰধান ৰাজ্য অসমৰ উন্নয়ন আজিও লেখত ল'বলগীয়া ধৰণে হোৱা নাই। কেন্দ্ৰীয় চৰকাৰে দেশৰ কৃষি ভিত্তিক অৰ্থনীতি টনকিয়াল কৰি দেশৰ কৃষকসকলৰ অৱস্থা স্বচ্ছল কৰি তোলাৰ বাবে যথেষ্ট কেন্দ্ৰীয় পুঁজি বিভিন্ন কৃষিভিত্তিক আঁচনিৰ বাবে আৱণ্টন দি আহিছে।

কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ সফল ৰূপায়নেৰে পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যই কৃষিক্ষেত্ৰত সেউজ বিপ্লৱ আনিবলৈ সক্ষম হৈছে। বিপৰীতে অসমৰ কৃষিক্ষেত্ৰৰ উন্নয়ন আজিও পুতৌ লগা।পূৰ্বৰ অসম চৰকাৰে কাগজে-কলমে বহু কৃষি ভিত্তিক আঁচনি ৰূপায়ন কৰিছিল যদিও উক্ত আঁচনিসমূহৰ পৰা ৰাজ্যখনৰ প্ৰকৃত কৃষক-কৃষিক্ষেত্ৰৰ উন্নয়ন হোৱাৰ বিপৰীতে একাংশ ৰাজনৈতিক নেতা-পালিনেতাৰহে উন্নয়ন সাধন হয়। ফলস্বৰূপে ৰাজ্যখনৰ কৃষি ক্ষেত্ৰৰ কোনোধৰণৰ কাৰ্যকৰী উন্নয়ন সাধন নহ'ল।

ৰাজ্যখনৰ অধিকাংশ কৃষকেই আজিও কৃষি কৰ্মত প্ৰকৃতিৰ দয়াৰ ওপৰতে নিৰ্ভৰশীল। আধুনিক কৃষি পদ্ধতিৰ অংশ স্বৰূপ কৃষিক্ষেত্ৰত পানী যোগান আজিও ৰাজ্যৰ কৃষিক্ষেত্ৰৰ অধিকাংশতে গঢ় লৈ নুঠাৰ বাবে খৰাং পৰিস্থিতি অথবা সময়মতে কৃষিক্ষেত্ৰত পানী যোগান ধৰিব নোৱাৰাৰ বাবে বহু সময়ত ৰাজ্যখনৰ কৃষকে কৃষিক্ষেত্ৰত মাধমাৰ খাবলগীয়া হয়। চৰকাৰৰ কাগজে-কলমে চলি থকা বহু জলসিঞ্চন আচঁনি কিন্তু বাস্তৱ ক্ষেত্ৰত কাৰ্যক্ষম হৈ থকা নাই।

চৰকাৰ-প্ৰশাসনৰ অজ্ঞাতেই বছৰ বছৰ ধৰি বিকল হৈ আছে বহু কোটি টকীয়া জলসিঞ্চন আচঁনি। লখিমপুৰ জিলাৰ নাওবৈচাতো যোৱা ৩০টা বছৰে বিকল হৈ থকা কেইবাখনো জলসিঞ্চন আচঁনি আজিও কাৰ্যক্ষম হৈ নুঠিল । অগপ চৰকাৰৰ দিনৰে  ১৯৮৬-৮৭ চনত নাওবৈচাৰ ১২খন জলসিঞ্চন আচঁনিৰ অধিকাংশই যোৱা ৩০টা বছৰে বিকল হৈ পৰি থকাত আঁচনি কেইখনৰ মূল্যবান যন্ত্ৰ- পাতি, ঘৰ দুৱাৰ, বেটাৰী, জেনেৰেটৰ ধ্বংসস্তুপত পৰিণত হৈছে।

অসম চৰকাৰৰ জলসিঞ্চন বিভাগে ১৯৮৬-৮৭ চনতে সম্পূৰ্ণ কৰি তোলা জলসিঞ্চন আচঁনি কেইখনৰ সামান্য কাৰিকৰী বিজুতি, ইন্ধনৰ অভাৱত পথাৰত এটুপিও পানী নপৰাকৈ নিঃশেষ হৈ যোৱাতো কম পৰিতাপৰ কথা নহয়। ১৯৮৬-৮৭ চনৰ পৰা ৰাজ্যখনত যোৱা ৩০টা বছৰে কেইবাখনো ৰাজনৈতিক দলে শাসন চলালে যদিও কোনো এখন চৰকাৰে জলসিঞ্চন আচঁনি কেইখন কাৰ্যক্ষম কৰি তোলাৰ প্ৰচেষ্টা হাতত নল'লে।

নাওবৈচাৰ ফুলবাৰী অঞ্চলত ১নং গোপালপুৰ,২নং গোপালপুৰ, মাধৱপুৰ, ভোগপুৰীয়া, কমলপুৰ, ৰংপুৰীয়া, ধেমাগড়, কলাখোৱা, শলমৰীয়া, কোঁৱৰপুৰ ৰাজআলি, কোৱাদংগা, চিলনীবাৰী, কাছজুলি, বঙালমৰা আদি জলসিঞ্চন আচঁনিৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত পথাৰত এটুপিও পানী নপৰিল।

আনহাতে যোৱা ৩০ বছৰে আঁচনি কেইখনত নিয়োজিত কৰ্মচাৰীয়ে ঘৰতে শুই বহি চৰকাৰী দৰমহা উদৰস্থ কৰিলে। যোৱা ৩০বছৰৰ চৰকাৰ প্ৰশাসনৰ চূড়ান্ত হেমাহি, জলসিঞ্চন বিভাগৰ গভীৰ নিদ্ৰাৰ বিপৰীতে বৰ্তমানৰ বিজেপি চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী গৰাকীৰ পদক্ষেপ কেনে হয় তালৈ বাট চাই ৰৈছে ৰাজ্যবাসীয়ে।