গোৰেশ্বৰঃ দৰিদ্ৰ পৰিয়ালৰ সন্তান ধ্ৰুৱ৷ ধ্ৰুৱই সৰুৰে পৰা অতি কষ্টৰে ডাঙৰ-দীঘল হৈছে। নানা ঘাট-প্ৰতিঘাট জীৱনত ওচৰৰ পৰা দেখিছে৷ এমুঠি অন্নৰ বাবে পিতৃ-মাতৃয়ে সংগ্ৰাম কৰা দেখিছে ধ্ৰুৱই৷ ধ্ৰুৱই ভাবিছিল এদিন পঢ়ি-শুনি ডাঙৰ মানুহ হম৷ কিন্তু দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটোক উদ্ধাৰৰ বাবে তেও পঢ়িব খুজিও পঢ়িব নোৱাৰিলে৷ জনা হোৱাৰ পৰাই অত ত’ত কাম কৰি পৰিয়াল চলোৱাত পিতৃক সহায় কৰিব লগা হয়৷ পঢ়াৰ সময় খিনি পাৰ কৰিলে কাম বন কৰি৷
তাৰ মাজতে ধ্ৰুৱই শিকি গৈছিল চাইকেল মেৰামতিৰ কাম৷ কম বয়সতে ধ্ৰুৱই চাইকেলৰ মেকানিক হৈ পৰিছিল৷ এটি সাধাৰণ কোঠাত আৰম্ভ কৰে এখন চাইকেল মেৰামতিৰ দোকান৷ তাৰ পিছৰে পৰা ধ্ৰৱই আনৰ ঘৰত হাজিৰা কৰিব লগা হোৱা নাছিল৷ ধ্ৰৱই বিবাহপাশত আৱদ্ধ হ’ল৷ সংসাৰলৈ আহিল এটি কন্যা সন্তান৷ তেও ভাল পইচা উপাৰ্জন কৰি সুখে-শান্তিৰে পৰিয়ালটো চলাই আহিছে৷