newsnextone.com | নাৰায়ণপুৰঃ অসমৰ জনসাধৰণৰ বাবে বানপানী, গৰাখহনীয়া অভিশাপ স্বৰূপ৷ বানপানী, গৰাখহনীয়া ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিল বিজেপি, অগপ আৰু বিপিএফ দল৷ কিন্তু শাসনৰ গাদী লাভ কৰাৰ পিছতে বানপানী, খৰাখহনীয়াৰ সমস্যাক পাহৰি চৰকাৰ এতিয়া হিন্দু-মুছলমানক লৈ ব্যস্ত হৈ পৰিছে৷ বাৰিষা অহাৰ লগে লগে অসমৰ নৈপাৰত বাস কৰা লোকসকলৰ বাবে বাৰিষা হৈ পৰিব অভিশাপ স্বৰূপ৷ নৈ পৰীয়া ৰাইজৰ বাবে বাৰিষা কাল যেন অভিশাপ অসমীয়াৰ বাবে৷ কিয়নো বাৰিষাৰ বৰষুণে ফেনে-ফুটুকাৰে উফন্দি পৰে নদ-নদী, খাল-বিল, জান-জুৰি৷ নৈয়ে ভৰ ল’ব নোৱাৰা পানীৰ চাপত আৰম্ভ হয় গৰা খহনীয়া৷ 

গৰা খহনীয়াৰ প্ৰবাল ৰূপে নৈপৰীয়া ৰাইজৰ জীৱন-সংগ্ৰামক ধুলাস্যাৎ কৰে৷ মুহূৰ্ততে উটুৱাই নিয়ে সপোনৰ ঘৰখন৷ নৈয়ে ৰণচণ্ডী ৰূপ ধাৰণ কৰি উটুৱাই নিয়ে খেতি পথাৰৰ সপোনবোৰ৷ এফালৰ পৰা খহাই লৈ যায় নৈৰ পৰীয়া ৰাইজৰ আশাৰ ৰেঙণিক৷ নৈৰ কোৱাল সোঁতে উটুৱাই লৈ যায় কষ্টোপাৰ্জিত স্থাৱৰ-অস্থাৱৰ সম্পদসমূহ৷ 

তেনেই এক পৰিবেশৰ সৃষ্টি হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত৷ ব্ৰহ্মপুত্ৰ নদীয়ে শ-শ পৰিয়ালক কন্দুৱাইছে যদিও খবৰ লবলৈ আহৰি নাই চৰকাৰৰ৷ লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নাৰায়ণপুৰ গাঁও পঞ্চায়ত এলেকাৰ বানৰমুখ এলেকাত মহাবাহুৰ ভয়ংকৰ খহনীয়া আৰম্ভ হৈছে। চলিত বৰ্ষত প্ৰায় ৩০টা পৰিয়ালৰ ঘৰ-দুৱাৰ নদীৰ বুকুত জাহ যোৱাৰ লগতে শেহতীয়াকৈ অঞ্চলটোৰ একমাত্ৰ শিক্ষানুষ্ঠান বানৰমুখ প্ৰাথমিক বিদ্যালয় খহনীয়াৰ কৱলত পৰে। ১৯৬২ চনতে স্থাপন কৰা ঐতিহ্যমণ্ডিত বিদ্যালয়খন তৃতীয় বাৰৰ বাবে নিজ পৰিচয় তথা স্থান সলনি কৰিব লগা হয়৷ যাৰ বাবে চকুলো টুকি বিদ্যালয় খন ভাঙি অন্য ঠাইলৈ নিয়াৰ দৃশ্যই এক অভাৱনীয়া পৰিবেশৰ সৃষ্টি কৰে৷ এক ইতিহাস জড়িত হৈ থকা বিদ্যালয় খন নিজে হাতেৰে ধ্বংস কৰিব লগা হৈছে৷

ইতিপূৰ্বে ১৯৯৮ চনত খহনীয়াৰ কৱলৰ পৰা উদ্ধাৰ কৰি প্ৰায় দুই কিলোমিটাৰ উত্তৰ দিশত বানৰমুখ নামাকৰণেৰে বিদ্যালয়খন ৰাইজে স্থাপন কৰিছিল। বিগত ২০০৪ চনত প্ৰায় ২.৪০ লাখ টকাৰে এটা পকীগৃহ বিদ্যালয়খনৰ নামত আৱণ্টন পোৱাৰ পাছত পুনৰ ২০১২ বৰ্ষতো সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা প্ৰায় ৪ লাখ টকাৰ এটি অতিৰিক্ত শ্ৰেণীকোঠাও নিৰ্মাণ কৰা হৈছিল৷

মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কৱলত পৰা বিদ্যালয়খন পকীগৃহ সমূহ ভাঙি অন্য স্থানলৈ স্থানান্তৰিত কৰা হৈছে। বিদ্যালয়খনৰ পৰিচালনা সমিতি, মাতৃগোট আৰু অভিভাৱকসকলৰ সহযোগত বিদ্যালয়খন প্ৰায় এক কিলোমিটাৰ উত্তৰ দিশৰ ভেৰুডুবীত স্থাপনৰ উদ্দেশ্যে স্থানান্তৰৰ বাবে প্ৰস্তুতি চলাইছে। 

অৰ্ধশতাধীক কণ কণ ছাত্র-ছাত্রীয়ে জীৱনৰ আদিপাঠ গ্ৰহণ কৰি থকা বিদ্যালয়খন ভঙাৰ দৃশ্যই সকলোকে আৱেগিক কৰি তোলাৰ লগতে ছাত্র-ছাত্রীসকলৰ চকুপানীয়ে সকলোৰে অন্তৰ কঁপি উঠে৷

উল্লেখ্য যে, এইবেলিও যেন অসমৰ নৈপৰীয়া লোকসকল আকৌ চিন্তাত দিন পাৰ কৰিছে৷ কিয়নো বহু ভগ্ন মথাউৰিসমূহ মেৰামতি নহ'ল আজিকোপতি৷ অসাৰ হ’ল জলসম্পদ মন্ত্ৰীৰ প্ৰতিশ্ৰুতি৷ চৰকাৰক আৱেদন নিবেদন কৰি ভাগৰি পৰিছে অসমৰ গাঁওসমূহৰ ৰাইজ। নৈৰ অভিশাপৰ পৰা মুক্তি পাবৰ বাবে এতিয়া ৰাইজে আৰাধনা কৰিবলৈ লৈছে অদৃশ্য শক্তিক৷ নৈপৰীয়া ৰাইজৰ উচুপনি কোনেও নুশুনে। মন্ত্ৰী বিধায়ক আহে আৰু যায়৷ ৰাইজৰ স্মৃতিত হৈ ৰয় সমস্যা পূৰণৰ আশ্বাসবোৰ। পৰিৱৰ্তন আৰু উন্নয়নৰ প্ৰতিশ্ৰুতিৰে ৰাজপাট দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ পৰিৱৰ্তনৰ নামত ওলাই পৰিছে আন এক ফোপোলা স্বৰূপ।