ডিজিটেল ডেস্কঃ টাইম আলোচনীৰ ‘বিশ্বৰ ১০০ জন প্ৰভাৱশালী ব্যক্তি’ৰ তালিকাত স্থান নাপালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অনুৰাগীৰ আশাভংগ হ’ল যেতিয়া বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ১০০ জন ব্যক্তিৰ বাবে টাইম মেগাজিনে চলোৱা সমীক্ষাৰ বাবে হোৱা অনলাইন ভোটিঙত পাঠকৰপৰা এটাও ভোট পাবলৈ সক্ষম নহ’ল মোদীয়ে।
দেওবাৰে মাজৰাতি অন্ত পৰা ভোটিঙত শীৰ্ষস্থানত আছে ফিলিপাইনছৰ বিতৰ্কিত ৰাষ্ট্ৰপতি ৰোডিগ্ৰো দুতাৰ্তে। মূঠ ইতিবাচক ভোটৰ ৫ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰতি প্ৰদান কৰা আপত্তিজনক মন্তব্যৰ বাবে। বিশেষকৈ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ প্ৰতি আপত্তিজনক মন্তব্য প্ৰদান কৰি বিতৰ্কৰ কেন্দ্ৰ হৈ পৰিছিল ফিলিপাইনছৰ ৰাষ্ট্ৰপতিগৰাকী।