newsnextone.com | ডিজিটেল ডেস্কঃ পুনৰ বিতৰ্কৰ সৃষ্টি হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিবাহক লৈ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অবিবাহিত বুলি সংবাদ মাধ্যমত মন্তব্য প্ৰকাশ কৰিছিল মধ্য প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেলে৷
এই মন্তব্য প্ৰকাশৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোডীৰ পত্নী যশোদাবেনে৷ বুধবাৰে এক বিবৃতি যোগে যশোদাবেনে কয় ‘‘আনন্দিবেনে সংবাদ মাধ্যমত নৰেন্দ্ৰ মোডী অবিবাহিত বুলি প্ৰকাশ কৰিছে৷ এই মন্তব্যত মই স্তম্ভিত৷ ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত দিয়া তথ্যত মোডীয়ে নিজেই মোৰ নাম পত্নী হিচাপে প্ৰকাশ কৰিছে৷’’