Home ৰাজ্যনগাঁওত অৱসৰপ্ৰাপ্ত সেনাজোৱানক গুলীচালনাৰে হত্যা,মংগলদৈৰ চিকিৎসকক গাজিয়াবাদত হত্যা

নগাঁওত অৱসৰপ্ৰাপ্ত সেনাজোৱানক গুলীচালনাৰে হত্যা,মংগলদৈৰ চিকিৎসকক গাজিয়াবাদত হত্যা

by News Desk
A+A-
Reset
local news

কোকৰাঝাৰঃ  নগাঁও জিলাৰ ননৈ নিৱাসী অৱসৰপ্ৰাপ্ত সেনা জোৱান দ্বীপেন নাথক অচিনাাক্ত দুৰ্ষ্কৃতিকাৰীয়ে নিজ বাসভৱনতে মাৰণাস্ত্ৰৰে গুলীয়াই হত্যা কৰা কাৰ্যক তীব্ৰ ভাষাৰে প্ৰতিক্ৰিয়া আৰু গৰিহণা প্ৰকাশ কৰিছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই। 
আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে অৱসৰপ্ৰাপ্ত সেনা জোৱান দ্বীপেন নাথৰ হত্যাকাণ্ডক তীব্ৰ নিন্দা ও গৰিহণা দি অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰিবলৈ দাবী উত্থাপন কৰিছে । আৰক্ষী চকীৰ নিকটতে থকা দ্বীপেন নাথৰ বাসভৱনত মটৰচাইকেলেৰে উপস্থিত হৈ দুষ্কৃতিকাৰীয়ে নিৰ্বিচাৰে গুলীচালনা কৰি অৱসৰপ্ৰাপ্ত সেনা জোৱানগৰাকীক হত্যা কৰা ঘটনা পূৰ্বপৰিকল্পিত আৰু গভীৰ ৰহস্য আছে বুলি সন্দেহ প্ৰকাশ কৰি অৰবিন্দ নাথে দোষীক কৰায়ত্ব কৰিবলৈ দাবী উত্থাপন কৰিছে ।উল্লেখযোগ্য যে অতি অমায়িক স্বভাৱৰ অৱসৰপ্ৰাপ্ত সেনা জোৱান দ্বীপেন নাথৰ মৃত্যুত অঞ্চলটোৰ ৰাইজ শোকস্তব্ধ হৈ পৰিছে আৰু সকলোৱে একমুখে দোষীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে । 
ইপিনে দিল্লীৰ সমীপৰ গাজিয়াবাদত মঙ্গলদৈৰ বাসিন্দা তথা চিকিৎসক সৰলা নাথক অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰা ঘটনাৰো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নাথ যোগী ছাত্ৰ সন্থাই । সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত সন্থাৰ সাধাাৰণ সম্পাদক অৰবিন্দ নাথে ঘটনাটোক গৰিহণা দি এইক্ষেত্ৰত দোষীক কৰায়ত্ব কৰিবলৈ ৰাজ্য চৰকাৰে গাজিয়াবাদ আৰক্ষীক হেঁচা প্ৰয়োগ কৰাৰ বাবে আহ্বান জনাইছে । 

কোকৰাঝাৰৰ পৰা ধনঞ্জয় নাথ 
 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0