কোকৰাঝাাৰঃ গুৱাহাটীৰ পল্টন বজাৰস্থিত ৰাষ্ট্রীয় মজদুৰ কংগ্ৰেছৰ প্ৰেক্ষাগৃহত ৰাজ্যখনৰ বিভিন্ন স্থানৰ শতাধিক যুৱ-ছাত্ৰৰ উপস্থিতিত কালি সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ এক সাধাৰণ সভা অনুষ্ঠিত হয় । উক্ত সভাতে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ তদৰ্থ সমিতিখন ভংগ কৰি এখনি পূৰ্ণাংগ কাৰ্যকৰী সমিতি গঠন কৰা হয়।
গোৱালপাৰা জিলাৰ লক্ষণ নাথক সভাপতি আৰু কোকৰাঝাৰ জিলাৰ অৰবিন্দ নাথক সৰ্বসন্মতি ক্ৰমে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাবে নিৰ্বাচিত কৰা হয়। অসমত বসবাস কৰা প্ৰায় চল্লিশ লক্ষাধিক নাথ যোগীৰ নিজস্ব পৰিচয় , সামাজিক আৰু ৰাজনৈতিক অধিকাৰ তথা অস্তিত্ব সম্পৰ্কত বিতংভাৱে আলোচনা কৰাৰ অন্তত কেবাটাও প্ৰস্তাৱ সৰ্ব সন্মতি ক্ৰমে গ্ৰহণ কৰা হয়।