কোকৰাঝাৰঃ জনজাতিকৰণৰ দাবীত ৰাজ্যত ছয় জনগোষ্ঠীয়ে আন্দোলন অব্যাহত ৰখাৰ সময়তে এইবাৰ ৰাজ্যৰ অতি প্ৰাচীন জনগোষ্ঠী হিচাপে বিবেচিত নাথ-যোগীসকলক জনজাতিকৰণৰ দাবীত এইবাৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে সদৌ বিটিচি নাথ যোগী ছাত্ৰ সন্থাই।
আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত সদৌ বিটিচি নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে কয় যে নাথ যোগী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী নতুন নহয় যদিও কোনো দল সংগঠন কিম্বা চৰকাৰে বিষয়টোত গুৰুত্ব প্ৰদান কৰা নাই।