কোকৰাঝাৰঃ নগাঁৱৰ কামপুৰত আৰক্ষীৰ প্ৰহাৰত মৃত্যু হোৱা বাপধন নাথৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে আৰক্ষীৰ কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে।
সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত অৰবিন্দ নাথে এগৰাকী নিৰ্দোষী লোকক আৰক্ষীয়ে প্ৰহাৰ কৰি মৃত্যুলৈ ঠেলি দিয়া কাৰ্য কোনোপধ্যে গ্ৰহণযোগ্য নহয় আৰু ই এক মানৱ অধিকাৰ উলংঘন কাৰ্য বুলি কয়। দোষী বিষয়াগৰাকীক চাকৰিৰ পৰা নিলম্বন তথা বৰ্খাস্ত কৰিলেই বাপধন ঘূৰি নাহে বুলি ক্ষোভ প্ৰকাশ কৰি অৰবিন্দ নাথে দোষী বিষয়াগৰাকীকো ফাঁচি দিয়াৰ দাবী জনায়।