ডিজিটেল ডেস্কঃ দেশৰ তিনি লাখ যুৱক-যুৱতীয়ে চৰকাৰৰ খৰছত পঢ়িব বিদেশত৷ চৰকাৰে অন-জব প্ৰশিক্ষণৰ বাবে তিনি লাখ যুৱক-যুৱতীক পঠিয়াব জাপানলৈ৷ দেশৰ চৰকাৰে দক্ষতা উন্নয়ণ আঁচনিৰ জৰিয়তে এই পৰিকল্পনা কৰা বুলি বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে জানিবলৈ দিয়ে৷
৫ বছৰৰ ভিতৰত মূলত কাৰিকৰী শিক্ষাৰ প্ৰশিক্ষণৰ (Technical Intern Training Program) বাবে যুৱক-যুৱতীক প্ৰেৰণ কৰিব চৰকাৰে৷ প্ৰশিক্ষণৰ সম্পুৰ্ণ খৰছ বহন কৰিব কেন্দ্ৰীয় চৰকাৰে৷ বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ, ধৰ্মেন্দ্ৰ প্ৰধানৰ উপস্থিতিত শিক্ষা মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে অনুষ্ঠিত কৰা এখন সংবাদ মেলত এই কথা ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰকাশ কৰে৷
আনহাতে টুইট কৰি ধৰ্মেন্দ্ৰ প্ৰধানে কয় "টিআইটিপি এখন গুৰুত্বপূৰ্ণ আঁচনি৷ এই আঁচনিৰ জৰিয়তে যিসকলে জাপানলৈ যাব তেওলোকে জাপানৰ ইকোচিষ্টেম প্ৰশিক্ষণ লব পাৰিব৷ তাত পাব থকাৰো সুবিধা৷" দ্বিপাক্ষীক চুক্তিৰ জৰিয়তে দুয়ো দেশৰ সম্পৰ্কৰ উন্নতি কৰা হ’ব বুলিও জানিব পৰা গৈছে৷