ডিজিটেল ডেস্কঃ এতিয়াৰ পৰা চিনেমা হলত জাতীয় সংগীত বজোৱাটো আৰু বাধ্যতামূলক হৈ নাথাকিব। মঙলবাৰে দেশৰ উচ্চতম ন্যায়লয়ে এই কথা স্পষ্ট কৰে মঙলবাৰে। ২০১৬ চনৰ মাজ ভাগৰ পৰা সকলো চিনেমা গৃহতে জাতীয় সংগীত বজোৱা বাবে দিয়া নিৰ্দেশ প্ৰত্যাহাৰ কৰিলে উচ্চতম ন্যায়ালয়ে৷ এই সন্দৰ্ভত সোমবাৰেই কিছু আভাষ দিছিল কেন্দ্ৰই৷
এই আভাষ মঙলবাৰে যেন সঁচা প্ৰমাণ হল৷ এতিয়াৰ পৰা চিনেমা গৃহত জাতীয় সংগীত বজোৱাটো বাধ্যতামূলক নহয়৷ ২০১৬ চনৰ ৩০ নৱেম্বৰত চিনেমা গৃহত জাতীয় সংগীত বজোৱাটো বাধ্যতামূলক কৰাৰ নিৰ্দেশ দিয়াৰ পিছত বিভিন্ন ঘটনা সংঘটিত হৈছিল। বহু লোকক মাৰধৰ কৰিছিল দেশৰ কেইবাটাওঁ ছবি গৃহত৷
ইয়াৰ পিছতে দেশৰ শীৰ্ষ আদালতে কেন্দ্ৰক এই ঘটনা সন্দৰ্ভত জবাবদিহি কৰে আৰু ইয়াৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া জানিবলৈ বিচাৰে৷ কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক জনায় যে ১২ সদস্যৰ এখন সমিতি গঠন কৰা হৈছে৷ ৬ মাহ পৰ্যবেক্ষণ কৰাৰ পিছত সমিতিয়ে প্ৰতিবেদন দাখিল কৰিব তাৰ ভিত্তিত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হব৷
মঙলবাৰে দেশৰ শীৰ্ষ আদালতত এটৰ্নি জেনেৰেল কে কে বেণুগোপালৰ সন্মতি মানি ডিভিশন বেঞ্চে এতিয়াৰ পৰা চিত্ৰগৃহত জাতীয় সংগীত বজোৱাটো বাধ্যতামূলক নহয় বুলি নিৰ্দেশ দিয়ে৷