www.newsnextone.com| গুৱাহাটীঃ ৰাষ্ট্ৰীয় ফিল্ম চাৰ্টিফিকেশ্বন বৰ্ডৰ সদস্য নিযুক্তি প্ৰক্ৰিয়াৰ অংশ স্বৰূপে অসমৰ ১৫ জন বিশিষ্ট ব্যক্তিক সদস্য হিচাপে নিযুক্তি দিছে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে৷
ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ চিবিএফচি গুৱাহাটীৰ উপদেষ্টা পেনেলৰ সন্মানীয় সদস্য হিচাপে নিযু্ক্তি দিয়া হৈছে শৈলেন্দ্ৰ পাণ্ডে, গায়ত্ৰী মহন্ত, ড০ জুৰি শৰ্মা, হেমন্ত কুমাৰ চাহু, দয়ালকৃষ্ণ নাথ, অজয় কুমাৰ মাহাতো, অজিত বৰা, ড০ জয়শ্ৰী পাঠক, অনুৰাগ ৰুদ্ৰ, কবিতা দেৱী, নীতিমা শৰ্মা, প্ৰিয়ংকা বৰুৱা, পূৰবী নাথ চলিহা, ৰঞ্জিত মজুমদাৰ আৰু সত্যৰঞ্জন বৰাক।