চৰাইদেউঃ কেৱল উন্নয়নৰ ঢাক-ঢোল বজাই সভা-সমিতি আয়োজন কৰা, বৰ বৰ বিজ্ঞাপন দিয়া আৰু টিভি ষ্টুডিঅ’ত বিকাশ কৰা বৰ্তমানৰ কেন্দ্ৰ আৰু ৰাজ্যৰ দুয়োখন চৰকাৰেই জনসাধাৰণৰ দুখ-কষ্টৰ ক্ষেত্ৰত উদাসীন। এই অভিযোগ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ৷
সংগঠনটোৱে এক বিবৃতিযোগে চৰকাৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি ৰাজ্যৰ প্ৰতিটো ৰাষ্ট্ৰীয় ঘাইপথ জৰাজীৰ্ণ হৈ যাতায়তৰ বাবে অনুপযোগী হৈ পৰাত ক্ষোভ প্ৰকাশ কৰে। ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ দুৰৱস্থাই প্ৰকৃততে বিকাশ, উন্নয়ন আৰু নিকা প্ৰশাসনৰ ঢাক-ঢোল-শঙ্খ বজাই থকা বিজেপি শাসিত কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰৰ ফোঁপোলা স্বৰূপটো উদঙাই দিয়া বুলি দাবী কৰে সংগঠনটোৱে।