কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ জয়পুৰ মঙ্গলাঝোৰা হাইস্কুল খেলপথাৰ প্ৰাংগনত অহা ৩০ জুনত এদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ১৬২ তম ৰাষ্ট্ৰীয় আদিৱাসী সংহতি দিৱস তথা হুল দিৱস উদযাপিত হ’ব।
এই উপলক্ষে আজি সংবাদ মাধ্যমৰ আগত ১৬২ তম আদিৱাসী ৰাষ্ট্ৰীয় সংহতি দিৱস উদযাপন সমিতিৰ সম্পাদক বীৰসিং মুণ্ডাই কয় যে আজিৰ দিনটোতে অৰ্থাৎ ১৮৫৫ চনৰ ৩০ জুনৰ দিনটোতেই চাওতাল বীৰ চিধু মুৰ্মু আৰু কানহু মুৰ্মুৰ নেতৃত্বত দহ হাজাৰ আদিৱাসী একত্ৰিত লৈ বৃটিছ উপনিৱেশৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল।