ডিজিটেল ডেস্কঃ অৱশেষত পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে দোষী সাব্যস্ত কৰিলে পাক প্ৰধানমন্ত্ৰী নৱাজ শ্বৰিফক। ন্যায়াধীশৰ পাঁচজনীয়া বিচাৰপীঠে প্ৰধানমন্ত্ৰী নৱাজক দোষী বুলি ৰায়দান দি তেওঁৰ ওপৰত বিচাৰ চলিব লাগে বুলি মত দি কয় যে নৱাজ প্ৰধানমন্ত্ৰী পদত থকাৰ যোগ্য নহয়।
দৰাচলেত এই ৰায়দানৰ পিছত প্ৰধানমন্ত্ৰী পদত নৱাজ শ্বেৰিফ থকাটো অনিশ্চিত হৈ পৰিছে। পানামা কেলেংকাৰী সন্দৰ্ভত ক’লাধন হৰলুকী কৰাৰ লগতে আৰু একাধিক দুৰ্নীতিৰ অভিযোগ আছে এইগৰাকী পাক প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে। এই ক্ষেত্ৰত তেওঁৰ লগতে পৰিয়ালবৰ্গকো অভিযুক্ত কৰা হৈছে।