ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ৰাতি কলকাতা চহৰত ট্ৰেফিক আইন ভংগ কৰা মহিলাই আৰক্ষীক চুমা যাঁচি অপৰাধ মোচনৰ চেষ্টা চলালে। নৈশ পাৰ্টিৰ পৰা উভতি অহাৰ বাটত নিচাগ্ৰস্ত ৩০ বছৰীয়া মহিলাগৰাকীয়ে চল্ট লেকৰ সমীপৱৰ্তী ইষ্টাৰ্ণ মেট্ৰ’পলিটান বাইপাছত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ এটাত খুন্দা মাৰে।
ঘটনাস্থলীত উপস্থিত এজন টেক্সিচালকে তেওঁক উদ্ধাৰ কৰাৰ চেষ্টা চলায় যদিও মহিলাগৰাকীয়ে তেওঁক অপদস্তহে কৰে। তাৰ পিছতে এজন কনিষ্টবলে মহিলাগৰাকীক সৈতে গাড়ীৰ পিছফালে বহি থকা মহিলাগৰাকীৰ বন্ধু দুজনক উদ্ধাৰ কৰাৰ চেষ্টা কৰে।