শৈশৱৰ এখন গা ধোৱা ফটো গুগলত আপলোড কৰাৰ বাবেই সকলো গুগল একাউণ্ট ব্লক কৰি দিয়া হ’ল এগৰাকী আই টি পেছাদাৰী যুৱকৰ। গুজৰাটৰ আহমেবাদাৰ নিৱাসী ২৬ বৰ্ষীয় এই যুৱকজনৰ নাম নীল শুক্লা। এখন ফটোৰ বাবে তেওঁৰ ই-মেইলকে ধৰি সকলো গুগল একাউণ্ট ব্লক কৰি দিয়াৰ বাবে এতিয়া গুগল কোম্পানীৰ বিৰুদ্ধে আদালতৰ দাৰস্থ হ’বলগীয়া হৈছে নীল।
ভাৰতত সৰু ল’ৰা-ছোৱালীৰ গা ধোৱাৰ সময়ত ফটো তোলাটো এক তেনেই সাধাৰণ কথা। বহু পিতৃ-মাতৃ আৰু অভিভাৱকে তেওঁলোকৰ সন্তানৰ সৰু কালৰ গা ধোৱা ফটো স্মৃতি হিচাপে তুলি ৰাখে। কিন্তু তেনে এখন ফটোৱেই যে আহমেদাবাদৰ নীল শুক্লালৈ সমস্যা নমাই আনিব সেয়া সপোনতো কল্পনা কৰিব পৰা নাছিল আই টি ক্ষেত্ৰত কৰ্মৰত যুৱকজনে।