ডিজিটেল ডেস্কঃ মাওবাদী উগ্ৰপন্থীক প্ৰতিহত কৰাৰ বাবে মহাৰাষ্ট্ৰত মোতায়েন কৰা মহাৰাষ্ট্ৰ আৰক্ষীৰ চি-৬০ নামৰ বিশেষ পল্টনটো আজি সন্ত্ৰাসবাদীৰ লেণ্ডমাইনৰ আক্ৰমণৰ সমুখীন হয়। মাইন প্ৰতিহত কৰিবপৰা চি-৬০ৰ অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত বিশেষ বাহনখনক লক্ষ্য কৰি বুধবাৰে নিশা ৰাজ্যখনৰ গড়চিৰোলী জিলাত হোৱা এই আক্ৰমণ মাওবাদী উগ্ৰপন্থীয়ে কৰা বুলি সন্দেহ কৰা হৈছে।
এএনআইত প্ৰকাশ পোৱামতে ১২ জন আৰক্ষী গুৰুতৰভাৱে আহত হয় আৰু তাৰে এজনৰ মৃত্যু হোৱা বুলি জানিবপৰা গৈছে। পল্টনটোৰ বিষয়ে অধিক তথ্য আহৰণৰ চেষ্টা চলাই থকা হৈছে বুলি আৰক্ষীৰ জেষ্ঠ বিষয়া এজনে ব্যক্ত কৰিছে।