ওদালগুৰি: বৃহস্পতিবাৰে ঘোষিত এপিএছচিৰ  চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল ওদালগুৰিৰ নয়নজ্যোতি পাঠক(২৮)। ওদালগুৰিৰ সুন্দৰীদিয়া পট্টিৰ বাসিন্দা স্বৰ্গীয় ৰত্নকান্ত পাঠক আৰু স্বৰ্গীয় ললিতা পাঠকৰ জেষ্ঠ্য পুত্ৰ নয়নজ্যোতিয়ে সদ্য ঘোষিত এপিএছচিৰ ফলাফলত ভূমি আৰু ৰাজহ সেৱাত ১১নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হয়।

ওদালগুৰিৰ চিক্ৰেট হাৰ্ট ইংলিছ স্কুলৰ পৰা হাইস্কুলীয়া শিক্ষা লাভ কৰা নয়নজ্যোতিয়ে ২০০৭চনত ওদালগুৰি এছবোফ'ৰ্ড একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছিল।

গুৱাহাটীৰ বি.বৰুৱা মহাবিদ্যালয়ত অৰ্থনীতি বিজ্ঞানক মূল বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰী লাভ কৰা নয়নে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

ইয়াৰ পৰৱৰ্তী সময়ছোৱাত তেওঁ গুৱাহাটীৰ নেশ্যনেল বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত নয়নজ্যোতিয়ে কালি ঘোষণা কৰা এপিএছচি পৰীক্ষাৰ চূড়ান্ত ফলাফলত এনে সফলতা লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে আগন্তুক ৬জুলাইত যুগ্ম জীৱনৰ পাতনি মেলিবলৈ ওলোৱাৰ প্ৰাকমুহূৰ্তত নয়নজ্যোতিৰ এনে সাফল্যই স্বাভাৱিকতে তেওঁৰ পৰিয়ালৰ লগতে সমগ্ৰ ওদালগুৰিবাসীক আনন্দিত কৰি তুলিছে।