64
নাজিৰাঃ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ প্ৰায় সাতশ ৰন্ধন কৰ্মীয়ে শনিবাৰে দুঘন্টাৰ বাবে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।
শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰন্ধন কৰ্মীসকলে বছৰ বছৰ ধৰি বহু কষ্ট ত্যাগ কৰি মাহে কেৱল ১০০০ টকা মাননিতে কাম কৰি আহিছে। এই সামান্য মাননিও মাহৰ পাছত মাহ পাৰ হৈ গ’লেও হাতত নপৰেহি।