নতুন দিল্লীঃ বিদ্যালয়ৰ পাঠ্যপুথিৰ পৰা পুনৰ আঁতৰিল ইতিহাসৰ বহু অধ্যায়। ভাৰতত মোগলৰ শাসনক লৈ শেহতীয়াকৈ পাঠ্যপুথিত সংঘটিত কৰা সালসলনিৰ পিছত এইবাৰ ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ পাঠ্যপুথিৰ পৰা আঁতৰাই পেলালে বাবৰি মছজিদ, হিন্দুত্ববাদী ৰাজনীতি, ২০০২ চনৰ গুজৰাট হিংসা আৰু সংখ্যালঘুৰ সৈতে জড়িত অধ্যায়।
ইয়াৰ উপৰিও ‘হৰপ্পান সভ্যতাৰ উৎপত্তি আৰু পতন’ আৰু আৰ্য অনুপ্ৰৱেশৰ সৈতে জড়িত তথ্য সন্দৰ্ভত ইতিহাসৰ পুথিখনতো পৰিৱৰ্তন কৰা হৈছে। এনচিইআৰটিয়ে বৃহস্পতিবাৰে নিজৰ ৱেবছাইটযোগে পাঠ্যপুথিৰ এই পৰিৱৰ্তনৰ বিষয়ে অৱগত কৰে। হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি পাঠ্যক্ৰমত কৰা এই পৰিৱৰ্তনসমূহ এই শৈক্ষিক অধিবেশনৰ পৰাই কাৰ্যকৰী কৰা হ’ব।