64
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বিশমূৰীৰ উপ আৰক্ষী চকীৰ অন্তৰ্গত ৯ নং দহলাপাৰাত আজি আৰক্ষী-সেনাবাহিনীয়ে যুটীয়া অভিযান চলাই এনডিএফবি সংবিজিত গোটৰ এক দুধৰ্ষ সদস্যক অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে৷
গোপন সূত্ৰৰ পমখেদি আজি আৰক্ষী- সেনাবাহিনীয়ে পুৱা ৭ বজাত দহলাপাৰাত অভিযান চলায় আৰু দহলাপাৰাৰ এঘৰত আশ্ৰয় লৈ থকা অৱস্থাত এনডিএফবিৰ দুধৰ্ষ সদস্য দেৰহাছাৎ বসুমতাৰীক গ্ৰেপ্তাৰ কৰে৷