ওদালগুৰিঃ মাজবাট আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত ১৪নং মাজবাটস্থিত গাড়োৱাল ৰেজিমেন্ট, ২১০ নং কোব্ৰা ৰেজিমেন্টৰ সৈতে অভিযান চলাই মাজবাট ৰেল ষ্টেচনত এন ডি এফ বি (এছ) সদস্য দুজনক আটক কৰিবলৈ সক্ষম হয়। 

ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত মাজবাট ষ্টেচনত কালি সন্ধিয়া প্ৰায় সাত বজাত নামনিমুৱা ডেকাৰগাঁও-ৰঙিয়া যাত্ৰীবাহী ৰেলেৰে ৰঙিয়া অভিমুখে গৈ থকা অৱস্থাত যুৱক দুজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। ২০১৩ চনত এন ডি এফ বিত যোগদান কৰা আৰু ম্যানমাৰত প্ৰশিক্ষণ প্ৰাপ্ত যুবক দুজনৰ এজন ওদালগুৰি জিলাৰ দৈফাং কাছিবাৰীৰ ছোমখোৰ দৈমাৰী ওৰফে সাগৰ দৈমাৰী (২৩) আৰু আনজন যুৱক কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰিৰ  যোগেশ্বৰ মুছাহাৰী ওৰফে জোমই মুছাহাৰী (১৯) বুলি আৰক্ষী সূত্ৰই জানিব পৰা গৈছে। 

ঘটনা সংক্ৰান্তত মাজবাট আৰক্ষী থানাত ৬৬/১৮ নম্বৰত গোচৰ ৰুজু কৰি সোধ পোছ আৰম্ভ কৰিছে।

অঞ্জনজ্যোতি শৰ্মা,ওদালগুৰি