ওদালগুৰঃ বিটিএডিক চাৰিখন জিলাত NDFB(S)ৰ বিৰুদ্ধে সেনা-আৰক্ষীক অভিযান অব্যাহত আছে। যোৱা কেইবাটাও দিনৰ ভিতৰত অসম আৰক্ষী আৰু ভাৰতীয় সেনাই এনডিএফবি(সং) গোটক প্ৰধানক জালত পেলাবলৈ সেনাই অভিযান চলাই গৈছে। বিটিএডিৰ সদৰ কোকৰাঝাৰত সেনাই হেলিকপ্টাৰেৰে অভিযান চলাই যোৱা ২৩ এপ্ৰিলত৷ 

NDFB(S)ৰ দুৰ্ধৰ্ষ কেডাৰ কে বাথা, জি বিদাইৰ সন্ধানত ভাৰতীয় সেনাবাহিনীয়ে মানাহৰ বনাঞ্চলত আৰু ৰিপু চিৰাং বনাঞ্চলত আৰম্ভ কৰিছিল ব্যাপক অভিযান। তাৰ মাজতে জিলা চাৰিখনত কেইবাগৰাকী সদস্য ধৰা পৰে সেনা-আৰক্ষীৰ হাতত।

তাৰ মাজতে ওদালগুৰিৰ মাজবাটত সেনা-আৰক্ষীৰ জালত পৰে এগৰাকী দুৰ্ধৰ্ষ এনডিএফবি(স)ৰ কেডাৰ। দেওবাৰে নিশা ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত মাজবাট ৰেল ষ্টেচনত গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত ভাৰতীয় সেনাৰ ৰেডহৰ্ণ ডিভিজনৰ গজৰাজ বাহিনী আৰু মাজবাট আৰক্ষীয়ে অভিযান চলায়। 

অভিযানকালত এগৰাকী ম্যানমাৰত প্ৰশিক্ষণপ্ৰাপ্ত দুৰ্ধৰ্ষ এনডিএফবি(সং) সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সেনাৰ সূত্ৰে দাবী কৰা মতে ধৃত এনডিএফবি(সং) গোটৰ সদস্যগৰাকীৰ নাম জনক দৈমাৰী(২৩) ওৰফে জাংলাব আৰু তেওঁৰ ঘৰ বাক্সা জিলাৰ শালবাৰী আৰক্ষী থানাৰ অন্তৰ্গত লেচেৰা গাঁৱত। 

সদস্যগৰাকী ৪২নং গোটৰ ম্যানমাৰত প্ৰশিক্ষনপ্ৰাপ্ত কেডাৰ বুলি সেনাই দাবী কৰে। সদস্যগৰাকীৰ পৰা এটা পইণ্ট২২ পিষ্টল, এটা মেগজিনসহ ১২ জাই সজীৱ গুলী উদ্ধাৰ কৰা হয়। মাজবাট অঞ্চলত আৰু অধিক এনডিএফবি(সং) কেডাৰৰ মুক্ত বিচৰণৰ কথা সেনাই অৱগত কৰাৰ লগতে আৰু অধিক উগ্ৰপন্থী সদস্য কৰায়ত্ব কৰা হ’ব বুলি জানিবলৈ দিয়ে।