newsnextone.com | কোকৰাঝাৰঃ পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীত দীৰ্ঘদিন ধৰি আন্দোলন অব্যাহত ৰখা এনডিএফবি (প্ৰ) সৈতে সোমবাৰে অৰ্থাৎ ২৫ জুনত কেন্দ্ৰীয় চৰকাৰে নিয়োগ কৰা মধ্যস্থতাকাৰী এ বি মাথুৰৰ সৈতে নতুন দিল্লীত আলোচনাত মিলিত হ’ব।

প্ৰথমবাৰৰ বাবে মধ্যস্থতাকাৰী এবি মাথুৰৰ সৈতে হ’বলগীয়া বহু আকাংক্ষাৰ আলোচনাক আদৰণি জনাই তথা আলোচনা ফলপ্ৰসু হোৱাৰ কামনা কৰি দেওবাৰে কোকৰাঝাৰ চহৰত হাতে হাতে জোঁৰ লৈ সমদল উলিয়াই কেইবাটাও বড়ো জনগোষ্ঠীৰ জাতীয় সংগঠনে৷

এনডিএফবি (প্ৰ), পিজেএচিবিএম আৰু এবছুৰ যৌথ উদ্যোগত সন্ধিয়া ৬ বজাত কোকৰাঝাৰ চহৰৰ আসাম অইলৰ পৰা বিটিচি সচিবালয় খেলপথাৰ লৈ জোঁৰ লৈ বিশাল সমদল উলিয়াই দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱাৰ কামনা কৰে৷

 মূলতঃ কেন্দ্ৰীয় চৰকাৰৰ হৈ মধ্যস্থতাকাৰী এ বি মাথুৰৰ সৈতে এনডিএফবি (প্ৰ) আলোচনা ফলপ্ৰসু হোৱাৰ কামনা কৰি উলিওৱা জোঁৰ সমদলত তিনি সংগঠনৰ কেইবাশতাধিক কৰ্মী, সদস্যই অংশগ্ৰহণ কৰে৷ সমদলত পিজেএচিবিএমৰ মুখ্য আহ্বায়ক গৌৰ্জন মুছাহাৰী, এবছু নেতা সৌমদন বসুমতাৰী আৰু এনডিএফবিৰ (প্ৰ) কোকৰাঝাৰ আৰু চিৰাং জিলা বহু নেতাই অংশ গ্ৰহণ কৰে৷