newsnextone.com | কোকৰাঝাৰঃ পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীত দীৰ্ঘদিন ধৰি আন্দোলন অব্যাহত ৰখা এনডিএফবি (প্ৰ) সৈতে সোমবাৰে অৰ্থাৎ ২৫ জুনত কেন্দ্ৰীয় চৰকাৰে নিয়োগ কৰা মধ্যস্থতাকাৰী এ বি মাথুৰৰ সৈতে নতুন দিল্লীত আলোচনাত মিলিত হ’ব।
প্ৰথমবাৰৰ বাবে মধ্যস্থতাকাৰী এবি মাথুৰৰ সৈতে হ’বলগীয়া বহু আকাংক্ষাৰ আলোচনাক আদৰণি জনাই তথা আলোচনা ফলপ্ৰসু হোৱাৰ কামনা কৰি দেওবাৰে কোকৰাঝাৰ চহৰত হাতে হাতে জোঁৰ লৈ সমদল উলিয়াই কেইবাটাও বড়ো জনগোষ্ঠীৰ জাতীয় সংগঠনে৷