কোকৰাঝাৰঃ  অসম আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা এনডিএফবি(এছ)ৰ মোষ্ট ৱাণ্টেট কেডাৰ খনিন্দৰ বসুমতাৰী ওৰফে খৌচিৰ সহযোগীক কালি কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। 

কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰী থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী এলেকা ঝাৰবাৰীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা খাৰোৰ সহযোগীজনক জিলাখনৰ আউজাৰগুৰী, হল্টুগাওঁৰ সমৰ নাৰ্জাৰীৰ পূত্ৰ বীৰখাং নাৰ্জাৰী(২৩)বুলি চিনাক্ত কৰা হৈছে। 

কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰী কৰা মতে এক নিৰ্ভৰযোগ্য সূত্ৰৰ পম খেদি কালি ভাৰত-ভূটান সীমান্তবৰ্তী ঝাৰবাৰী এলেকাৰ পৰা বীৰখাং নাৰ্জাৰীক আটক কৰাৰ লগতে তেওঁৰ জিন্মাৰ পৰা নগদ ৩৯ হাজাৰ টকা, এটা মোবাইল ফোন, বেংক পাচ বুক, ভোটাৰ আইডি কাৰ্ড আৰু এখন স্কুটি জব্দ কৰিবলৈ সক্ষম হয়। 

ধৃত বীৰখাঙক আৰক্ষীয়ে জেৰা কৰাত সেইবাৰ বীৰখাঙে দেখুৱাই দিয়া অনুসৰি আৰক্ষীৰ মোষ্ট ৱাণ্টেট এনডিএফবি(এছ)ৰ কেডাৰ শলোহাট, ঝাৰবাৰীৰ খনিন্দৰ বসুমতাৰী ওৰফে খৌচিৰ বাসগৃহৰ পৰা নগদ ২ লাখ ১০ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয়। 

ধনদাবীৰে সংগ্ৰহ কৰা উক্ত ধনখিনি ম্যানমাৰত থকা এনডিএফবি(এছ)ৰ দুধৰ্ষ সদস্য খনিন্দৰক দিবলৈ সুযোগৰ অপেক্ষাত আছিল। এই সন্দৰ্ভত ছেৰফাংগুৰি থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি),১২১/১২১এ / ১২২/৩৮৭, আৰ/ডব্লিউৰ ধাৰা ১১ ইউএ( পি )ৰঅধীনত এক গোচৰ ( নং ২৩ /২০১৭ )ৰজু কৰা হৈছে বুলি কোকৰাঝাৰ আৰক্ষীয়ে এক বিবৃতিযোগে সদৰী কৰিছে।