কোকৰাঝাৰঃ এনএছ চি এনৰ বৰ্ষীয়ান নেতা এছ এছ খাপলাঙে কালি ম্যানমাৰৰ এক গোপন স্থানত শেষ নিশ্বাস ত্যাগ কৰাত নেশ্যনেল ডেমোক্ৰেটিফ ফ্ৰন্ট অফ বড়োলেণ্ড চমুকৈ এনডিএফবি(এছ)-এ গভীৰ শোক প্ৰকাশ কৰিছে৷
আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক ই-মেইল বিবৃতিত এনডিএফবি (এছ)ৰ সাধাৰণ সম্পাদক বি.অঞ্জালুয়ে এছ এছ খাপলাঙ প্ৰকৃতাৰ্থত এগৰাকী সঁচা বিপ্লৱী আছিল বুলি উল্লেখ কৰি প্ৰয়াত বিদ্ৰোহী নেতা খাপলাঙে ১৯৮৭ চনৰ পৰাই এনএছছিএনৰ অধ্যক্ষৰ দায়িত্বভাৰ গ্ৰহণ কৰি বলিষ্ঠভাৱে নেতৃত্ব প্ৰদান কৰি আহিছিল বুলি কয় ৷